কবি আৰু কবিতা- ৩ (অনিতা গগৈ)

নিৰ্মোহ পৰ্যবেক্ষণ তথা সচেতনতাৰে - অধঃপতিত সমাজ ব্যৱস্থাৰ কৌটি কলীয়া পৰম্পৰা জনিত সকলো ভণ্ডামি, নৈতিক প্রমূল্যবোধৰ স্খলন, দলিত নিষ্পেষিতজনৰ প্রতি পুঁজিপতি শ্রেণীৰ অনাহক অবিচাৰ, নাৰী নিৰ্যাটন, অৱদমন, আদি সামাজিক সমস্যাৰ প্রতিটো দিশৰ প্রতি সুগভীৰ তথা যথাযোগ্য আলোকপাত কবি চন্দ্রামিতা পৰাশৰৰ কবিতাৰ মূল বৈশিষ্ট্য । তেখেতৰ ক্ষুৰধাৰ কলমেৰে অবিৰত নিগৰিত হয় অদম্য বিদ্রোহৰ শক্তিশালী সুৰ । তেখেতৰ ৰচিত এটি কবিতা-
ক্ষমা কৰিবঃ যৌনদাসী হ'ব নোৱাৰিম ৷'
(ইৰাকৰ মছুলত, আইছিছৰ নৃশংসতাৰ বলি হোৱা নিষ্পাপ নাৰীসকলৰ নামত উৎসৰ্গিত )
তো পৰিলক্ষিত হয় প্রতিবাদৰ সেই অনল । এটি স্তৱকঃ-
‘বৰষুণ নপৰা দিন এটাত
সূৰ্যটো ৰঙাকৈ বহিছিল
আমাৰ চোতালত
চাৰিওফালে থিয় দি আছিল
জীৱনক বেয়া পোৱা এজাক মানুহ ৷
ৰণুৱা ঘোঁৰাৰ দৰে জপিয়াইছিল সিহঁত
লক্ষ্য মোৰ নিছিদ্ৰ যৌৱন
’বৰষুণ নপৰা দিন' কবিতাটিত ব্যৱহৃত হৈছে অনাকাংক্ষিত সম্ভাৱনাৰ দ্যোতক হিচাপে ৷
''সূৰ্যটো ৰঙাকৈ বহিছিল''-

শাৰীটোৱে বহন কৰিছে কঠিন সময়ৰ বিৰূপ পৰিস্থিতি জনিত সম্ভাব্য ঘটনা ক্রমৰ আশংকা ।পৃথিৱীৰ অধিকাংশ নাৰীৰ জীৱনেই যন্ত্রনাৰ পৃষ্ঠভূমি । অতীজৰে পৰা আজি পৰ্যন্ত ইচ্ছাকৃত বা অনিচ্ছাকৃতভাবে বিভিন্ন সময়ত নাৰীয়ে মানি ল’ব লগা হৈছে পুৰুষ কেন্দ্রিক ৰীতি নীতি সম্বলিত সমাজব্যৱস্থাৰ আৰোপিত দৌৰাত্ম্য, অবধাৰিত বন্দীত্বৰ শৃংখল ৷ আজিৰ একবিংশ শতিকাৰ বিজ্ঞান তথা প্রযুক্তিবিদ্যাৰে উন্নতিৰ চৰম শিখৰত উপনীত হোৱা অত্যাধুনিক পৃথিৱীতো প্রতি মুহূৰ্ততে কিন্তু ক’ৰবাত নহয় ক’ৰবাত যৌন নিৰ্যাটনৰ বলি হৈ আহিছে অগণন নাৰী । কেৱল অদম্য যৌন ক্ষুধা পূৰণৰ চাহিদাৰে, ইচ্ছাৰ অবিহনেও যেতিয়া এচাম নাৰীক গণ্য কৰাহয় যন্ত্র ৰূপে, ক্রীতদাসী ৰূপে তেনে ক্ষেত্রত সেয়া নিশ্চয়কৈ গৰিহনাযোগ্য ৷ য’ত প্রকৃতপক্ষে ভূলুণ্ঠিত হয় মানৱতা ৷ শাৰিৰীক শক্তিৰে দূৰ্বলা হ’লেও আজিৰ নাৰীয়ে অটল দৃঢ়তাৰে আহৰণ কৰিছে সসীমৰ বেষ্টনী ভাঙি পুৰুষৰ সৈ'তে কান্ধত কান্ধ মিলাই সকলো দিশতেই পাৰদৰ্শিতাৰে আগবাঢ়ি যোৱাৰ সবল মানসিক দক্ষতা তেনেস্থলত আজিৰ নাৰীয়ে বিনা প্রতিবাদে কেতিয়াও স্বীকাৰ নকৰে কাৰো বশ্যতা বৰঞ্চ প্রয়োজনবশঃত ত্যাগ কৰিব জীৱন । এনে উদাত্ত ভাবৰ --এটি হৃদয়স্পৰ্শী স্তৱক ___‘‘কাৰ ভুলৰ বাবে স্বীকাৰ কৰোঁ ..অনাকাংক্ষিত এই মধুচন্দ্ৰিকাজীৱনক বেয়া পোৱা মানুহককিয় লাগেজীয়াই থকাৰ উপহাৰ..বেপৰৱাহ্ হৈ নিধন কৰকআক্ষেপ কিয় কৰিমকিন্তুক্ষমা কৰিব …যৌনদাসী হ'ব নোৱাৰিম ||’’এমূঠি অগ্নিময় শব্দৰে, সহজ উপস্থাপন শৈলীৰেমন আৰু মস্তিষ্কক আলোড়িত কৰি যোৱা এই কবিতাৰ আবেদন বিশ্বজনীন। যি সুৰ স্বনামধন্যা কবি তচলিমা নাচৰিণৰ কবিতাৰ সৈতে ৰিজাব পৰা যায় ।কবি চন্দ্রামিতাৰ প্রায়বোৰ কবিতাতে সুগভীৰমননশীলতাৰ আভাস পোৱা যায়। আন এটি কবিতা -- ''গ্ৰহান্ত'' ৰ এটি স্তৱক---''অনুগ্ৰহ কৰি আপুনি জনাব নেকিহাতৰ তলুৱাৰ কিমান ৰেখাইসুখী কৰে এজন মানুহকঅথবা দুখী ''কেৱল ভাগ্যক ধিয়াই বহি থাকি জীৱনত সফলতাৰ সন্ধান কৰি বিমুখ হৈ নিৰাশাত ভোগা অথবা বস্তুবাদী মানসিকতাৰে জীৱনৰ সৰ্বোচ্চ সুখ সম্পদ আহৰণকেই জীৱনৰ লক্ষ্য বুলি নিশ্চিতসকলে বৈষয়িক পাচূৰ্যৰ পয়োভৰেৰে সফলতাৰ পৰ্বত শিখৰত আৰোহন কৰিও অনুধাৱন কৰিব নোৱাৰে প্রকৃত সুখৰ গূঢ়াৰ্থ । প্রতীকীব্যঞ্জনাৰে তাকেই দোহাৰিছে কবিয়ে --- ''সুখৰ ভৰত মুৰ তুলি চাব নোৱাৰা আকাশৰ অভিমানীতৰাবোৰে অভিশাপ দি / কয় মোক --` নৰকৰ কীট হৈ থাক তই´'আন এটি স্তৱকত কবিৰ সুগভীৰ জীৱন জিজ্ঞাসাৰেসমৃদ্ধ ভাৱৰ প্রবাহ ব্যক্তিসত্বাৰ পৰা নৈৰ্ব্যক্তিকতালৈ উত্তৰণ ঘটিছে এনেদৰে ---''ব্যস্ত সময়ৰ যান্ত্ৰিক মানুহে নুবুজিবমোৰ সুখৰ সংজ্ঞাতেওঁলোকৰ অনুভৱত ধৰা নিদিয়েদুখক সুখী কৰিব পৰা মোৰনীলকণ্ঠী আত্মামাত্ৰবৃথা প্ৰয়াস কৰেদুখৰ জীৱন্ত প্ৰকাশ বুলিমোৰনামৰ আগতবিশ্লেষণী বিশেষণৰশব্দ লিখাৰ'' •.কবি মৌচুমী বৰিৰ কবিতা মূলত সুকোমল ভাৱৰ কাব্যিকতাৰে সমৃদ্ধ। অনুভূতিপ্রৱন চেতনালব্ধ অনুভৱৰ গাঢ়তাৰে হৃদয়ৰ অভ্যন্তৰতবিচৰণৰ এক আত্মিক প্রয়াস পৰিলক্ষিত হয় তেখেতৰ প্রায়বোৰ কবিতাত -- । তেনে এক আলফুলীয়া অনুভৱৰ সুকোমল প্রকাশ ঘটা এটি কবিতা -"আজাৰ নিজাৰ পৰা শূণ্যতা"ত আৰম্ভনিতে কবিয়েঅংকন কৰিছে এক মনোগ্রাহী চিত্রকল্প -- '' জোনাক ফুলা ঘৰটো'' যি পাঠকক আভাস দিয়ে __এক বৰ্ণময় অতীতৰ। কিন্তু সোঁৱৰণিৰ শেতেলিত শায়িত সেই ৰূপোৱালী জ্যোৎস্নাবিঢৌত অতীতক তুলনা কৰিবলৈ কবিয়ে বাচি লৈছে ''আজাৰ নিজাৰ পৰা শূন্যতা''ৰ উপমা। পুনৰ উৎপ্রেক্ষাৰে প্রকাশ কৰিছে সেই ভাৱৰ দৃঢ়তা -- ''যেন পঢিবলৈথাকি যোৱা / এখন মহাকাব্যৰ শেষৰ দুখিলা পাত''।নিসংগতাত সোঁৱৰণিৰ সুৰুঙাৰে দোলা দিয়েহি প্রিয়জনৰ সুমধুৰ সান্নিধ্যৰ সোঁৱৰণ যি এতিয়া অতীত।''মনত পৰে তোমালৈচঞ্চলা চপলা এটি জুৰিৰ দৰে আছিলা তুমি.................মৌনতাৰ কবিতা হৈ তুমিএদিন ডাৱৰৰ সিপাৰে গুচি গ'লাগৈ ''ব্যক্তিগত জীৱনৰ সকৰুণ অনুভূতি প্রসূত স্মৃতিকাতৰতা তথা বিষাদৰ মৃদু অনুৰণনেৰে সিক্ত কবিতাটিত মূৰ্ত হৈছে মানৱ জীৱনৰ চিৰণ্তন জন্ম মৃত্যুৰ আবহ এনেদৰে ---'' বৈ অহা চকুৰ লোটক গোট মৰা তোমাৰ মাৰ চকুৱেতোমাক বিচাৰি উদং পথাৰখনত বহি ৰৈছিলআৰু এদিন তোমাৰ মাও গুচি গ'ল তোমাৰ কাষলৈজন্ম - মৃত্যুৰ চিৰন্তন সত্যক দোহাৰি ।'' -----অলংকাৰসমৃদ্ধ উপমা ---'' মৌনতাৰ কবিতা '' সদৃশপ্রিয়জনৰ অবৰ্তমানত ---''চোতালত এতিয়া এটি ৰৈ যোৱা কবিতা গুমগুমায় থাকে - শূন্যতা ৷'' কবিতাটিৰ অন্তৰ্লীন ভাৱৰ শূন্যতাৰ গুমগুমনিয়ে প্রতিজন পাঠকৰ হৃদয় দোলায়িত কৰি যাবলৈ সক্ষম হোৱা এই কবিতা কবিগৰাকীৰ অন্যতম এটি সাৰ্থক ৰচনা । •তেখেতৰ আন এটি কবিতা __"শেৱালি ফুলৰ দৰে" ৰো মূল সুৰ স্মৃতিকাতৰতা। ‘শেৱালি ফুলৰ দৰে কিছুমান স্মৃতিশুই থাকে সৰা পাতৰ দলিচাতঅনিচ্ছাকৃত গাম্ভীৰ্যৰে জগোৱা নহয় সেই স্মৃতিঅথবা ইচ্ছাকৃতভাৱেও জাগি নুঠে সেইনিদ্ৰাৰত স্মৃতিময় ফুল 'শেৱালি ফুল’ – আশা- নিৰাশা ,প্রাপ্তি- অপ্রাপ্তিৰে পৰিপূৰ্ণ মানৱজীৱনৰ ক্ষণভংগুৰতাৰ দ্যোতক। ‘‘সৰাপাতৰ দলিছা’’ৰ দ্যোতনাই কঢ়িয়াই পাৰ্থিৱ জীৱনৰ পৰিসমাপ্তিৰ অনুষংগ।ইচ্ছা অথবা অনিচ্ছাৰ ব্যতিৰেকেও পৃথিৱীৰ প্রতিজন মানুহেই হৃদয়ৰগভীৰত সততে কঢ়িয়াই ফুৰে কিছু বিষাদকাতৰ সোঁৱৰণি- ‘নিদ্ৰাৰত স্মৃতিময় ফুল’ যি বেদনাদ্র উপলব্ধিৰে সিক্ত হৈও জীৱনকে কৰি যায় সুবাসিত । যন্ত্রনাদগ্ধ হৃদয়ৰ সকৰুণ আকূতিৰে বিদ্ধ এই কবিতাৰ ভাৱৰ আবেদনত পৰিলক্ষিত হয় --- অতিশয় সংবেদনশীলতা যেন‘’কপাহ-কোমল যেন চুই দিলেই লাজুকীলতাৰ দৰে জাপখাই যোৱা স্মৃতিভৰপক কাতৰতাত দুচকু সেমেকি উঠাকোনো এক নিনাও কবিৰ হৃদয়ৰ পেৰাতজাপখাই থকা এমুঠি কবিতাযেন সেই স্মৃতি!!’’কাব্যিক সুষমাযুক্ত ভাৱ বিন্যাস, আংগিকৰ সফল প্রয়োগ তথা সুকোমল আবেদনসমৃদ্ধ উপস্থাপনেৰে কবি মৌচুমী বৰিৰ কবিতাই সততে পাঠকৰ হৃদয় বিষাদবোধেৰে সিক্ত কৰি জগাই তোলে অনিবৰ্চনীয় সুখানুভূতি।সামগ্রিক ভাবে মৌচুমীৰ কবিতাৰ আবেদন কিছুক্ষেত্রত প্রথিতযশা কবি কৰৱী ডেকা হাজৰিকা বাইদেউৰ কবিতাৰ কাষ চপা বুলি ক'ব পৰা যায়।--- কবি নিভা গগৈৰ কবিতা ব্যক্তিগত অনুভূতিৰগাঢ়তাৰে পুষ্ট। নোপোৱাৰ বেদনাৰে জৰ্জৰিত, নৈৰাশ্যৰ কঠিন বাস্তৱৰ পটভূমিতো তেখেতৰ কবিতাত জিলিকি উঠে সহজ আশাবাদৰ কোমল ছবি।প্রিয়জনৰ সুমধুৰ সান্নিধ্যৰে অনায়াসে পাৰ হৈ যাব পাৰি জীৱনৰ অনেক দূৰ্গম বাট লংঘি যাব পাৰি সহস্র সংঘাত । এনে সৌহাৰ্দ্যই এনেকি ‘আত্মিক অহংকাৰ’ বিনাশি হৃদয় পূৰ্ণ কৰে লোকোত্তৰৰ সৰগীয় প্রাপ্তিৰ সুগভীৰ প্রশান্তিৰে। কবিৰ ৰচিত তেনে এক ভাৱৰ এটি কবিতা __‘অপেক্ষা’ৰ এটি পংক্তি__‘‘জু'হালৰ জুইকুৰাৰ দৰেই তেওঁৰ দুচকুৰ ভাষা, চবিয়াই চবিয়াই খান্দি পেলাই মোৰ আত্মীক অহংকাৰক ..আন্ধাৰতে মই খেপিয়াই পাওঁ পোহৰৰ সন্ধানধিপ ধিপাই নুমাই আকৌ জ্বলে কিছু অবুজ অনুভৱ, পোৱা নোপোৱা হেঁপাহে চুমি থৈ যায় আৰুমিচিচিপিৰ দৰে দীঘলী হৈ পৰে জীৱনৰ নাট ‘’কবিতাটিত মন কৰিবলগীয়া দুটি উপমা ‘‘জু'হালৰজুইকুৰাৰ দৰেই তেওঁৰ দুচকুৰ ভাষা’’ ‘‘মিচিচিপিৰ দৰে দীঘল হৈ পৰে জীৱনৰ নাট’’ । প্রিয়জনৰ দুচকুত সাধাৰণতে আশা কৰা হয় সুগভীৰ ভালপোৱাৰ আস্থা আৰু বিশ্বাসৰ নিভাঁজ উম, যি আজীৱন জ্বলাই ৰাখে উমি উমি জ্বলা প্রেমৰ অনল।প্রাত্যহিকতাৰ সকলো অপূৰ্ণতা দূৰ কৰি দি যায় জীৱনৰ অমল পূৰ্ণতা।কিন্তু যদি সেই অনল হয় প্রতাৰণাৰ,তেতিয়া প্রতিমুহূৰ্ততে জীৱন হৈ পৰে অগ্নিপিণ্ড।অপেক্ষাৰ যন্ত্রনাৰে জলক তবক হয় সন্মুখৰ বাট।‘‘চকু মেলোতেই আন্ধাৰ চাদৰত মেৰ খাই দিশহাৰাহৈ...............................সূর্য্য পোহৰকো চাব নিবিচাৰে মোৰ উকা সেওঁতাইআন্ধাৰতে লৈ আছো মাথো ক্ষোভৰ একুৰা জুই লৈ,..মথো তেওঁৰ অপেক্ষাত ...’’তেখেতৰ আন এটি ‘ৰঙা চোলা ‘’ত শুনা যায় লোকাচাৰ, পৰম্পৰাগত কৌটিকলীয়া বিধি বিধান তথা বৈধতা, অবৈধ্যতাৰ গৰাহত পিষ্ট নাৰীজীৱনৰ ক্ষোভ,হতাশা আৰু যন্ত্রনাৰ আৰ্তি, ৰঙা চোলা নিপিন্ধিবি সখীদগমগীয়া ৰংটো তোৰ গাল'টো বিয়পি পৰেবৰ্হমথুৰি নসনাকৈ ওঁঠ দুটি ৰাঙলী হৈজবা ফুলৰ পাপৰিৰ দৰে বতাহত কঁপে অ' সখী, ‘’সমনীয়াৰ সৈতে বালিখেলি থাকোতে তইশৈশৱ কৈশোৰৰ বয়ঃসন্ধিৰ এজনী কিশোৰী পুষ্পিতা হোৱাৰ পাছতে বাধ্যবাধকতাৰে মানিবলগা হয় পুৰণিলগীয়া সংস্কাৰ তথা লোকলজ্জ্বাৰ আবুৰ।‘‘, সখী, পুৱাৰ সুৰুজৰ দৰে তোৰ বুকুতো ফুটিলৰঙা চোলাটোৰ দৰে তেজাল হৈ দুফুটা ডালিম গুটিআইৰ চকুত টোপনি ক্ষতি ‘’প্রতীকীৰূপত ব্যৱহৃত ৰঙাচোলাৰ ব্যঞ্জনাৰে কবিয়ে অলংকাৰ বৰ্জিত শব্দ চয়নেৰেও অনুপম উপস্হাপন শৈলীৰে ৰচনা কৰা কবিতাটিত প্রকাশৰ শালীনতা,সুন্দৰ উপমা, তথা ৰুপকাত্মক ভাষাৰে এগৰাকী ছোৱালীৰ শৈশৱ, কৈশোৰ , যৌৱন তথা বৈধব্যৰ বৰ্ণনা সাৱলীলভাবে তুলি ধৰিবলৈ সক্ষম হৈছে। ‘ ৰঙা ৰঙটো’ প্রয়োজন সাপেক্ষে বিভিন্ন স্থানত ভিন্ন ৰুপ তথা ভিন্ন ভাৱ বহন কৰা কবিতাটি কবিৰ এক অনবদ্য সৃষ্টি।
বিঃ দ্রঃ সাধাৰণভাবে আগবঢ়োৱা আলোচনাটিত অনেকখিনি ভুল ৰৈ যাব পাৰে। তাৰবাবে ক্ষমাপ্রাৰ্থী। কবিসকললৈ অশেষ শুভকামনা জনাইছোঁ। ধন্যবাদ।