প্ৰশ্ন হৈছে জাতীয়তাবাদ কি ? জাতীয়তাবাদী মানে কোনো জাতীয় সংগঠন কিম্বা
ৰাজনৈতিক দলৰ সদস্যা বা সমৰ্থক নেকি ? অসমত জাতীয়তাবাদৰ প্ৰয়োজন কি ?
জাতীয়তাবাদ কক্ষচ্যুত হৈছে নেকি আৰু যদি হৈছে আমাৰ ওপৰত ইয়াৰ প্ৰভাৱ
কেনেধৰণৰ হ'ব ?
প্ৰথম কথা হ'ল জাতীয়তাবাদ কোনো জাতীয় ৰাজনৈতিক বা অৰাজনৈতিক দল/ সংগঠনৰ প্ৰতি প্ৰকাশ কৰা অনুগত্য নহয়, ই এক মতাদৰ্শ যি নিজৰ ভূ-খণ্ড আৰু নিজৰ জাতিটোৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক প্ৰভৃতি সকলো দিশতে সৰ্বাংগীন বিকাশ কামনা কৰে ৷ বহুক্ষেত্ৰতে আজি জাতীয়তাবাদক কেৱল ৰাজনৈতিক মতাদৰ্শ ৰূপে প্ৰতিস্থিতি কৰি এটা বিশেষ দল বা সংগঠনৰ অনুগত্য প্ৰদৰ্শনৰ চেষ্টা দুৰ্ভাগ্যজনক ৷ যদি নিজৰ ভূ-খণ্ডৰ বিষয়ে আগত ভাবে, মানুহৰ বাবে চিন্তা কৰে, কাম কৰে নীৰৱে ... সেই কাম সৰুৱে হওঁক বা ডাঙৰ হওঁক, কোনো ৰাজনৈতিক দলৰ বা অৰাজনৈতিক সংগঠনৰ সদস্য নোহোৱাকৈও এজন ব্যক্তি জাতীয়তাবাদী মতাদৰ্শৰে দীক্ষিত হ'ব পাৰে ৷ মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সদস্যও জাতীয়তাবাদী মতাদৰ্শৰ হ'ব পাৰে বা ৰাষ্ট্ৰীয় দলৰ চৰকাৰ এখনো জাতীয়তাবাদী হ'ব পাৰে ৷ পিছে অসমত এনে চানেকি কম ৷
অসমত জাতীয়তাবাদ অত্যন্ত গুৰুত্বপূৰ্ণ ৷ তাৰ কাৰণসমূহৰ ভিতৰত অন্যতম হৈছে -
১) ঐতিসাহিক কাৰণত অসমত জাতীয়তাবাদ গুৰুত্বপূৰ্ণ ৷ যিহেতু অসম ভাৰতৰ মূল ভূ-খণ্ডৰ লগত পূৰ্বৰে পৰা জড়িত নাছিল আৰু অসমৰ খিলঞ্জীয়াসকল মূল ভূ- খণ্ডৰ বাসিন্দাসকলৰ লগত বহুক্ষেত্ৰত পৃথক, বিভিন্ন সময়ত অসমৰ বাসিন্দা সকল উপেক্ষিত হয় ৷ আত্ম প্ৰতিষ্ঠাৰ বাবে অসমীয়াসকল জাতীয়তাবাদী মনোভাৱেৰে একত্ৰিত হেৱাৰ প্ৰয়োজন ৷
২) ৰাজনৈতিক কাৰণত অসমত সুস্থিৰ জাতীয়তাবাদৰ প্ৰয়োজন ৷ ৰাজনীতি ৰাইজৰ প্ৰগতিৰ বাবে ৰাইজৰ প্ৰতিনিধিয়ে কৰিব লাগে যদিও ৰাইজৰ প্ৰতিনিধিয়ে নিজৰ প্ৰগতিৰ বাবেহে ৰাজনীতি কৰাৰ নিদৰ্শনৰে আধুনিক বিশ্বৰ ইতিহাস ভৰি থকাৰ সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজনৈতিকভাবে অসম প্ৰতাৰিত হৈছে আৰু বহুসময়ত অসমৰ জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়ী প্ৰতিশ্ৰুতি বালিত চটিয়াই দিয়া পানীৰ দৰে হৈছে ৷
৩) প্ৰাকৃতিক দুৰ্য্যোগৰে জৰ্জৰিত অসমৰ দুৰ্য্যোগ কিম্বা সামাজিক অস্থিৰতাক ৰাষ্ট্ৰীয় সমস্যা বুলি গণ্য কৰা নাই হোৱা আজিলৈকে ৷ সেইবাবে অসমত জাতীয়তাবাদৰ প্ৰয়োজন যাতে নিজৰ হকে মাত মাতিব পাৰে ৷
৪) ভৌগোলিকভাৱে পৃথক হোৱাৰ বাবেও অসমত জাতীয়তাবাদৰ প্ৰয়োজন ৷ ভৌগোলিক দিশৰ পৰা বৃহৎ আয়তনৰ দেশ ভাৰতৰ সীমামূৰীয়া অংগৰাজ্য অসম ৷ স্বাভাৱিকভাৱেই আন বহু প্ৰান্ততকৈ উদ্যোগ, যাতায়ত আৰু পৰিবহণত ই পিছপৰা ৷ এই সমস্যাবোৰৰ সমাধানৰ বাবে জনমত গঠন কৰিবলৈও জাতীয়তাবাদী মনোভাৱৰ প্ৰয়োজন ৷ ইত্যাদি ৷
এই সকলো কাৰণ একাষৰীয়া কৰিলেও প্ৰত্যেক জাতিয়ে নিজক ভাল পায় ৷ নিজৰ ভাষাক ভাল পায় ৷ নিজৰ ৰাজ্যৰ উন্মতি বিচাৰে ৷ অৰ্থাৎ, সকলো জাতিয়ে কম বেচি পৰিমাণে জাতীয়তাবাদী ৷
এতিয়া প্ৰশ্ন হ'ল যদি অসমত জাতীয়তাবাদ ইমানেই প্ৰাসংগ্ৰিক, তেন্তে জাতীয়তাবাদ কক্ষচ্যুত কেনেকৈ হ'ব !!! কিন্তু হৈছে ... তাৰ কাৰণ কম শব্দত বিশ্লেষণ কৰাটো কঠিন ৷ জাতীয় জীৱনৰ নেতৃত্ব ল'বলৈ আগবাঢ়ি অহা নেতাৰ দুৰ্বলতা আৰু স্বাৰ্থ সিদ্ধিৰ প্ৰৱণতা, বাহিৰাগত জাতিৰ অসমীয়া জাতিৰ ওপৰত সাংস্কৃতিক অগ্ৰাসন, পৰৰ সভ্যতা- সংস্কৃতিৰ প্ৰতি আমাৰ অনুগত্য ইত্যাদি ৷ বহুসময়ত জাতীয়তাবাদৰ অৰ্থৰ বিকৃতি ঘটোৱা হৈছে ৷ যিমানেই জাতীয়তাবাদৰ ভেটি দুৰ্বল হৈছে আৰু জাতীয়তাবাদ সমন্ধীয় ভ্ৰান্ত ধাৰণাই জাতিটোক গ্ৰাহ কৰিছে, সিমানেই আমি দুৰ্বল হৈ গৈ আছো ৷ কথাটো একেবাৰে সহজ ৷ আপুনি যদি নিজৰ ঘৰখনক ভাল নাপায়, নিজৰ মা দেউতাক ভাল নাপায় আৰু আনকি মাকৰ দুগ্ধও অস্বীকাৰ কৰে, তাৰপাছত গাওঁখনৰ ভালৰ বাবে মাত মতাৰ ভেকো -ভাওনা কৰে আপুনি হাঁহিৰ পাত্ৰ নহ'বনে ? দুৰ্ভাগ্যজনকভাবে অসমত তাৰেই নমুনা দেখিবলৈ পোৱা নাযায়নে !!
যিদিনা অসমৰ পৰা জাতীয়তাবাদ শেষ হৈ যাব, সেইদিনা অসম অতীত হৈ যাব ৷ আমাৰ প্ৰজন্ম সেয়ে জাতীয়তাবাদী প্ৰজন্ম হোৱা উচিত ৷ জাতীয়তাবাদ কি বুজিবলৈ কোনো ভণ্ড নেতাৰ ভাষণ শুনাৰ প্ৰয়োজন নাই... এবাৰ মনত পেলাওক লাচিত, চিলাৰায় ,সাধনী আদি বীৰ- বীৰাংগণাৰ বীৰত্ব আৰু ত্যাগলৈ ৷ জাতি প্ৰেম তাকেই কয় আৰু ইয়ে জাতীয়তাবাদৰ গুৰি ৷
আজি যি সময়ত অসমতে অসমীয়া ভগনীয়া হৈছে, আমি একত্ৰিত হোৱা উচিত ৷ জাতিটোৰ বাবে সকলো একগোট হ'বৰ হ'ল ৷ শ্বহীদসকলৰ কেঁচা তেজৰ মূল্য আমি কিদৰে দিম ? আন নহ'লেও মানৱ সম্পদৰূপে নিজক গঢ়ি তোলক আৰু নিজৰ উন্নয়নৰ লগতে ৰাজ্যখনৰ বিকাশৰ বাবে কাম কৰি যাওক ৷
জয় আই অসম ৷
(বিঃদ্ৰঃ জাতীয়তাবাদৰ গইনা লৈ কৰা উদ্ভণ্ডালি আৰু মইমতালিয়ে সমস্যা বৃদ্ধিহে কৰিব ৷ জাতীয়তাবাদ সুস্থ আৰু সুস্থিৰ হোৱা উচিত ৷)