আপুনি কাৰ গান শুনি ভাল পায় ৷ এই কথা সুধিলে বৰ্তমান অসমৰ প্ৰায়ভাগ মানুহেই জুবিন গাৰ্গৰ গান শুনি ভালপোৱাৰ কথা একেমুখে স্বীকাৰ কৰিব হয়নে ? মইও ভালপাওঁ ৷ মোৰ প্ৰিয় শিল্পী সমূহৰ তালিকাত জুবিন গাৰ্গ মোৰ এজন প্ৰিয় শিল্পী । খুবেই ভাল পাওঁ জুবিনৰ গান শুনি আৰু মোৰ দৰে অজস্ৰ শ্ৰোতাই ভাল পায় জুবিনৰ গান ৷ পুৱাৰ পৰা ৰাতিটোৰ ভিতৰত যিকোনো এটা সময়ত জুবিনৰ গান শুনিলে মনটো শাঁত পৰি যায় ।
"মায়ামায়া মাথোঁ মায়া ৷"
জুবিনৰ গানে আমাৰ সকলোকে মুগ্ধ কৰি ৰাখে ।
"বিচৰা মৰম
দিবানে লগৰী মোক ৷"
জুবিনৰ যশস্যাত আমি অভিভূত হৈ পৰো ৷ সংগীত জগতখনলৈ নতুন বাৰ্তাবৰণ কঢ়িয়াই অনা জুবিন গাৰ্গ আমাৰ অতি মৰমৰ ৷
"হাঁহিলে তুমি মুকুতামণি সৰে ৷"
অসমৰ সংগীত জগতৰ চৌদিশে ৰজন জনাই থকা জুবিন কেৱল অসমৰ নহয় সমগ্ৰ ভাৰতবাসীৰ চিনা পৰিচিত এটি প্ৰিয় নাম ৷ এই কথা নিজে দেখি শুনি বুজিলো ।
"Ya Ali Reham Wali"
ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যখনত বসবাস কৰি সেই মানুহবোৰৰ সুখ দুখৰ লগত কিছু হ'লেও পৰিচিত হৈ পৰিছো ৷ তাৰ মাজতে সিদিনা মন স্ফূৰ্তিত ঠাই এখনলৈ ফুৰিবলৈ যাওঁতে অটো এখনত জুবিনৰ "ya Ali Reham Wali" গীতটো শুনিবলৈ পাই মনতো আনন্দৰে ভৰি পৰিছিল ৷ এবাৰ নহয় তিনিবাৰকৈ জুবিনৰ সেই একেটা গানকে বজাই অ'ট চালক জনক আনন্দিত মচগুল দেখি মই নিজকে গৰ্ব কৰি টপৰাই কৈ দিছিলো সেইজন আমাৰ শিল্পী । অসমৰ সন্তান জুবিন গাৰ্গ ।জুবিনক ভালপোৱা সকলৰ সৰহ ভাগেই নিজৰ প্ৰিয় শিল্পীগৰাকীৰ অসমৰ বাহিৰত থকা আদৰ সাদৰ খিনি এনেদৰে দেখাৰ হয়তো সৌভাগ্য হোৱা নাই ৷ মই দেখিছিলো ৷ ব্যক্তিগতভাৱে লগ নাপালেওঁ জুবিনৰ বহু আদৰ্শ মানুহৰ প্ৰতি থকা ভালপোৱা সহানুভূতিৰ কথা সকলোৱে কিতাপে -পত্ৰই পঢ়ি জানিব পাৰিছে।
"জগত পোহৰ কৰি
আহিব প্লাৱন
আঁতৰাব অমানিশা
বধিব ৰাৱন ৷"
বৰ্তমান অসমৰ সংগীত জগতখনত এক সুকীয়া মাত্ৰা প্ৰদান কৰি নিজক সাধনাৰে উজ্জীৱিত কৰা জুবিন সংগীত আকাশৰ এটি নক্ষত্ৰ যদিও জুবিন আজি বিতৰ্ক । এনে পৰিস্থিতিত আহক আমি সকলোৱে জুবিনৰ ভালখিনি গ্ৰহণ কৰো আৰু বেয়াখিনিক বাদ দিও।
"গানে কি আনে
সুৰৰ সোপানে সোপানে
গানে কি সানে
ডাৱৰৰ কাণে কাণে ৷"
অসমৰ সংগীত জগতখনৰ ধ্ৰুৱ তৰা আমাৰ সকলোৰে মৰমৰ ভূপেন দা আজি আমাৰ বাবে মৰিও অমৰ ঠিক তেনেদৰেই জুবিন গাৰ্গ আমাৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক হৈ ৰওঁক ৷ এই কামনাৰে--
-"যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে
যদি আশাৰ চাকিটি উমি উমি জ্বলে
তথাপি বন্ধু আগুৱাই যাবা
পিছলৈ ঘূৰি নাচাবা ।" (জুবিন)
(অসমৰ সংগীত জগতখনৰ বৰ্তমান সকলোতকৈ বিতৰ্কিত গায়ক প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি মৰম আৰু শ্ৰদ্ধাৰে মাথোঁ একলম )







