ফ্ৰেইণ্ড ৰিকুৱেষ্ট (ক্ষমাধৰ ৰাভা)

ঐ............ 
ঐ ছোৱালী
কেতিয়াবা তোমাৰ তাত অহা
ফ্ৰেইণ্ড ৰিকুৱেষ্ট বোৰও এবাৰ চাবাচোন ।

কিজানিবা মোৰ নাম টোও পোৱাই ।
তুমি মোৰ ৰিকুৱেষ্ট একচেপ্ট কৰা বুলি
মই সদায় চাওঁ নটিফিকেচন বোৰ ৷

তোমাৰ প্ৰতিটো ফটোত
মই লাইক, কমেন্ট কৰিম
টেগ, মেচেজ কৰি
তোমাক মই আমনি নিদিওঁ
তোমাৰ প্ৰমিজ ।

ঐ ছোৱালী
প্লিজ মোক একচেপ্ট কৰা না
মই বেয়া নহয় টো
তুমি বাৰু কিয় এনেকুৱা ?
নাজানোঁ মই তুমি মোক কি বুলি ভাবিছা ।
তুমি বাৰু মোক একচেপ্ট কৰিবানে ?


ঠিকনাঃ জামুগুৰি, ওদালগুৰি।