বাৰিষা (নিলোৎপল বৰা)

অপেক্ষাৰ অন্তত
বাৰিষা নামিছে
দীঘলঠেঙীয়া এজাক
হুৰ হুৰাই পৰিছে
ধৰণীয়েও প্ৰাণভৰি
কৰিছে স্নান ।
গছ - বনেও নাছিছে
কুলিয়েও গান জুৰিছে
আদৰিছে বাৰিষাক আজি
প্ৰকৃতিয়ে পাতি এক
মহা অনুষ্ঠান ৷
,
বাৰিষাই আনিছে বুকুচাত বান্ধি
ধৰণীৰ বুকুলৈ নতুন এটা প্ৰাণ
মেঘেও ঢোল বজাইছে
ধৰিত্ৰী আইক জনাইছে ৷
বসন্ত নামিল বুলি আই ৷


দূৰভাষঃ ৮৮৭৬৫৯৫৫৪৬