ব'হাগী আহিছে বেদনা বাঢ়িছে ! (দিব্যা জ্যোতি বৰুৱা)

প্ৰেমৰ বতৰা লৈ 
মোৰ সপোনৰ গাওঁখনিত
ব'হাগী আহিছে ,
তোমাৰ বেদনা আৰু বিৰহত
মোৰ শুকান কলিজা
নিজানত দহিছে !
ঢোলৰ চাপৰে মোক ৰিঙিয়াই মাতিছে
মনৰ উলাহত কঁকাল ভাঙি
নাচিবলৈ যে মোৰ ঢুলীয়া
মোৰ কাষতেই নাই !
তুমি কপৌ ফুল নানিলে
মোৰ খোপাটি উকা হৈ ৰ’ব!
তুমি নহ’লে ব'হাগৰ বিহুত
মোৰ মনটি কোনে জুৰাব ?
জেতুকাৰে বোলোৱা হাতদুখনিও যে
তোমাৰ অবিহনে ৰঙীন নহয় !
তুমি ন’হলেওঁ যে কাষত ! কোনো
সুন্দৰৰ বাবে মোৰ মন বাউলী নহয় !
তুমি নাহিলে গামোচাখনি
সাঁচি ৰাখিম বুকুৰ মাজত !
মোৰ বেদনাবোৰক যে আটি আটি
বান্ধি থম তোমালৈ বুলি বোৱা
গামোছাখনিৰ ভাজত !