অপেক্ষা (স্নিগ্ধা শিষা)

মাজনিশা মোৰ চোতালৰ শেৱালি জোপাই ,
জোনাকৰ সৈ'তে ফুচফুচাই আলাপ ক'ৰে
ফাগুন গ'লগৈ....মদাৰৰ ফুল ফুলাই.....
গছ বন লঠঙা কৰি ,,,,,
চ'ত সোমাল ..........
মোৰ দীৰ্ঘকায় চুলিৰ আগবোৰ ফাটিছে,,,,,
চ'তৰ কদ্দৈসিৰীয়া ৰ'দটোৱে
দেই পুৰি নিছে মোৰ বুকুৰ কেঁকুৰী.............
কিন্তু মাজনিশাৰ এটি অজান পক্ষীৰ বিননীত
মোৰ মন ক্লান্ত হৈ পৰে ........
সেউজীয়া ব'হাগ অহাৰ অপেক্ষাত ৷


ঠিকনাঃ ডিব্ৰুগড় ৷