এদিন সময়,
এহালি পাৰ চৰাইৰ দৰে উৰি আহি
আমাৰ পদূলিৰ
বুঢ়া তেতেলি জোপাত পৰিব
তেতিয়া তুমি এমোকোৰা হাঁহিৰ সৈ'তে
আদৰি আনিবা সিহঁতক
আমাৰ শোৱানি- কোঠাত
এটি বাঁহ সাজি সিহঁতক থাকিব দিবা
মৰম কৰি খাবলৈ দিবা
উখোৱা চাউলৰ সূত এমুঠি
তোমাৰ আইনাখনত
সিহঁতে মুখ চায়
হাঁহিৰ ফুলজাৰি ফুটাব
আগতে সিহঁতে
আইনা দেখা নাই যে
ইতিমধ্যে কামিজটোৰ
আস্তিনত লগা দাগটোৰ দৰে হৈ পৰা
তোমাৰ কলিজাৰ ৰঙটো
সমষ্ট জীৱন ভৰাই
আকৌ পকাজামুৰ দৰে হৈ পৰিব
মই তোমাৰ মুখৰ
প্ৰশস্তি প্ৰত্ৰখন পঢ়ি
আস্বাদন কৰিম
চৰাইহালিৰ ৰাতিপুৱাৰ কথোপকথন!
ঠিকনাঃ কটন বিশ্ববিদ্যালয়,
স্নাতকোত্তৰ বৰ্ষ, অসমীয়া বিভাগ ৷
দূৰভাষৎ ৯৭০৭৮২৯১৫৭ ৷
এহালি পাৰ চৰাইৰ দৰে উৰি আহি
আমাৰ পদূলিৰ
বুঢ়া তেতেলি জোপাত পৰিব
তেতিয়া তুমি এমোকোৰা হাঁহিৰ সৈ'তে
আদৰি আনিবা সিহঁতক
আমাৰ শোৱানি- কোঠাত
এটি বাঁহ সাজি সিহঁতক থাকিব দিবা
মৰম কৰি খাবলৈ দিবা
উখোৱা চাউলৰ সূত এমুঠি
তোমাৰ আইনাখনত
সিহঁতে মুখ চায়
হাঁহিৰ ফুলজাৰি ফুটাব
আগতে সিহঁতে
আইনা দেখা নাই যে
ইতিমধ্যে কামিজটোৰ
আস্তিনত লগা দাগটোৰ দৰে হৈ পৰা
তোমাৰ কলিজাৰ ৰঙটো
সমষ্ট জীৱন ভৰাই
আকৌ পকাজামুৰ দৰে হৈ পৰিব
মই তোমাৰ মুখৰ
প্ৰশস্তি প্ৰত্ৰখন পঢ়ি
আস্বাদন কৰিম
চৰাইহালিৰ ৰাতিপুৱাৰ কথোপকথন!
ঠিকনাঃ কটন বিশ্ববিদ্যালয়,
দূৰভাষৎ ৯৭০৭৮২৯১৫৭ ৷







