অট্টহাস্য (শ্বাহিদ ইচলাম)

কেটেপাৰ শিলত কপৌহাল মৰিল
অট্টহাস্য কৰিছে জধলা কোঁৱৰ
আপুনি বুটলিছে শিল
আগুৱাই দিছে কোঁৱৰৰ হাতত ৷

শুনিছানে ঐ ক'লা ৰং
চাই আছানে ফাগুন- ব'হাগৰ ঢং
সময়ে সলাইছে চলং
পাগুলি আছোঁ স্মৃতিৰ জেতুকা
পুখুৰীত ভৰি আছে বিদেশী মেটেকা
সুলভ মূল্যৰ দোকানৰ পতংগৰ শইচ গিলি
পিঠিত মূল্য বৃদ্ধিৰ কুঁজ গজিছে
দেখা পাওঁ সৌৱা
সাউদৰ শিতানত ঋতুৰাজৰ মেলা পোখা
আমাৰ চোতালত হোৱা ধতুৰাতো ৰঘুমলা
কাঁইটিয়া বিৰিণাৰ আলিংগনত
দবলা - দবল আমাৰ এঙাৰ কলিজা
তাতেই জিৰাইছিল পাখি কটা কপৌহাল
সত্য হত্যাৰ অঞ্জলিত কোঁৱৰৰ হাস্যপ্ৰপাত
শগুণজাকে হাঁহিছে চা আমাৰ ক্ৰন্দনত
এয়ে চাগৈ তহঁতৰ নতুন বহাগৰ হুঁচৰি ৷


ঠিকনাঃ নয়াপাৰা, গোৱালপাৰা, অসম ৷
দূৰভাষঃ ৯৯৫৭৬৭৮৭৫৭ ৷