স্বকীয়তা হেৰুৱা আজিৰ বিহুৱে মুকলি নকৰে মন- প্রাণ (অনিতা গগৈ)


সৰুতে বিহু বুলি ক'লে দেখিছিলোঁ মানুহ বিহুৰ দিনা সন্ধ্যাৰে পৰা সাদিনলৈ.. ইযোৰাৰ পিছত সি যোৰা বিহু হুঁচৰি । ঢোল পেঁপাৰ মাতত গুম গুমাই থকা আকাশে বতাহে যেন ভাঁহিছিল বিহু বিহু ভাৱ ৷ নাহৰ তগৰ ফুলৰ সুবাস, ঘৰে ঘৰে উভৈনদী জা- জলপান, পিঠা- পনা । পিছে ঘৰত খোৱা নহয়ে সেইকেইদিন । চুবুৰীৰ মানুহৰ ঘৰে ঘৰে বিহু খাবলৈ যোৱা হয় । বিহুৰ বন্ধত আমি প্রায়ে বৰদেউতাৰ ঘৰলৈ গৈছিলোঁ ৷ গাৱঁৰ পৰিৱেশত বিহু বুলি ক'লে এনেই গা মন সাতখন আঠখন হয় ৷ তাতে তৰহে তৰহে খোৱাৰ যোগাৰ ৷ খোৱাতকৈ খোৱাৰ পাতত বহিয়ে ভাল লাগে ৷ আগবেলাৰ ভাত খাই উঠিয়ে আপাদেউৰ ছোৱালী ৰিংকু বাৰ লগত ঢাপৰ বিহু চাবলৈ যাওঁ। গাৱঁৰ গাভৰু, পাত- গাভৰু ছোৱালীবোৰে পথাৰৰ মাজৰ ওখ সমান ঠাই বা ঢিপ একোটাত পাতলীয়াকৈ গছ গছনিৰ আঁৰ লৈ বিহু মাৰে ৷ ঘৰত বোৱা মুগাৰ ৰিহা- মেখেলা বা পকোৱা সূতাৰ মেখেলা, আশী সূতাৰ চাদৰ আৰু প্রায়ে ৰঙা বা ক'লা চোলা পিন্ধি ঘৰত থকা ভাঁজেই বিহুলৈ আহে ৷ কোনো কোনোৱে খোপাত দুই এপাহ নাহৰ বা তগৰৰ ফুল গুজি লয় ৷ তেওঁলোকৰ দুই এজনীৰ হাতত টকা আৰু কোনোবা দুই এজনীৰ খোপাত গুজি অনা গগণা আৰু বিহুনামৰ তাল ৰাখি বজোৱা হাতচাপৰিয়ে আছিল বিহুৰ বাদ্য । বিহু আৰম্ভ কৰাৰ আগতে আগলি কলপাতত গোটা তামোল পান, আধলি এটা বা এটকা চাৰি অনা দি বিহু দেৱতাক সেৱা জনাই লৈ চক্রাকাৰে থুপ পাতি লৈ বিহুনাম গায় আৰু নাচে । তেওঁলোকে মনৰ উলাহত গোৱা বিহু নাম আৰু নাচ বোৰ চাই ইমান ভাল লাগিছিল যে, ইমান সোনকালেনো কিয় গধূলি হয় ? বুলি ভাব আহিছিল মনলৈ। গধূলিৰ আগে আগে ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহি চাকি বাঁতিৰ দিহা কৰিব লাগে তদুপৰি কুঁৱা বা পুখুৰীৰ পানী অনা, ঘৰলৈ অহা আলহীৰ আউল মৰা, ৰাতিৰ সাঁজৰ বাবে শাক পাচলি কটা বছা কৰা, আহিব লগা হুঁচৰিৰ বাবে তামোল পান কটা, ধুনা দিয়া আদি এশ এবুৰি কাম ৷ গধূলি গৃহস্থৰ চোতাললৈ অহা হুঁচৰিৰ লগত নাচনী অহা নাছিল বা আহিলেও দুই এজনী কম বয়সীয়া গাত কাপোৰ নোলোৱা বা পুষ্পিতা নোহোৱা ছোৱালীহে নাচনী হিচাপে লোৱা হৈছিল । গাৱঁৰ প্রতিঘৰৰ চোতাললৈ গৈ গৃহস্থৰ মংগল কামনাৰে গোৱা হুঁচৰি যোৰাত যেয়ে যেনেকৈ পাৰে টকা সিকা, বস্ত্র আদি গুৱা পানৰ সৈ'তে মাননি স্বৰূপে আগবঢ়াই গ'লে বস্ত্র ধৰি শৰণাপন্ন হৈছিল । আকৌ, সেই হুঁচৰি ঘৰৰ জীয়াৰী বোৱাৰীয়ে খিৰিকীৰ বাটেৰে বা পিৰালিৰ খুটাৰ আঁৰ লৈহে চোৱা নিয়ম আছিল । ঘৰৰ বোৱাৰী বা মহিলা সকলেও বিহুৰ কেইদিন সময় সুবিধা বুজি ৰং- ৰহইচ কৰি বিহু মাৰিছিল । যেতিয়া ঘৰ ঘৰোৱাহক খোৱাই বোৱাই আজৰি হয়, দূপৰ বেলা ঘৰৰ পুৰুষ মানুহ নামঘৰ বা আন ক'ৰবালৈ ওলাই যায় বা ভাত ঘুমটি মাৰে, তেতিয়া চুবুৰীৰ কোনো এঘৰৰ পিছ চোতাল বা মাৰল ঘৰৰ ভিতৰত তেওঁলোকে বিহু মাৰিছিল । কঁকালত চাদৰ বা ৰিহাৰ খোঁচনি আঁতি মাৰি লৈ মূৰৰ খোপাত ওৰণিৰ সলনি একোখন গামোচা মেৰিয়াই লৈছিল ৷ তেওঁলোকৰ সৈ'তে কেতিয়াবা খুন্দনাত তামোল খুন্দি খোৱা দাঁত সৰি শেষ হোৱা পকামূৰীয়া আইতা দুই এগৰাকীয়ে আহিও নাম জুৰিছিলহি বা কঁকাল ঘূৰাই এপাক নাচিছিলহি ৷ তেতিয়াৰ দিনত ছোৱালী তথা মহিলাসকলৰ নাচত চপলতা নাচিল, আছিল লাস্য ৷ উদ্দাম নৃত্যৰ পৰিৱৰ্তে আছিল মনৰ উলাহ । এইবোৰ আমি নিজৰ চকুৰে দেখা সৰুকালৰ কথা ৷ কিমাননো দিনৰ আগৰ কথা সেয়া ? কিন্তু দ্রুত পৰিৱৰ্তনৰ ধামখুমীয়াত আজি এনেকৈ হেৰাই গৈছে বিহুৰ পূৰ্বৰ বৈশিষ্ট্য, ৰেহ ৰূপ যে বৰ্তমান বিহু আহে আৰু যায় কিন্তু আমাৰ গাত বিহু নালাগেই । জাক- জমকৰ পয়োভৰ যিমানেই নহওক কিয়, স্বকীয়তা হেৰুওৱা আজিৰ বিহুৱে মন -প্রাণ যে মুকলি নকৰে, সেয়া ধুৰূপ। পূৰ্বৰ কৃষিজীৱি অসমীয়া সমাজৰ সৈ'তে উতঃ প্রোতভাবে সংপৃক্ত বিহুৰ ৰূপ সলনি হৈ কেৱল মঞ্চ বিহুৰ ৰূপ পোৱাও বৰ বেছিদিন হোৱা নাই কিন্তু আজিৰ পৰা ১০ বছৰমান আগলৈকে বিশেষকৈ উজনি অসমৰ গাৱেঁ -ভূঞে বিহুৰ যি পৰিৱেশ দেখিবলৈ পোৱা গৈছিল, সেয়া যেন আজি একেবাৰেই লোপ পাইছে । অতীজত উচ্ছ -নীচ, ধনী দুখীয়াৰ ভেদভাৱ নৰখাকৈ গৃহস্থৰ চোতাল গচকি হুঁচৰি গোৱাৰ যি পৰম্পৰা আছিল, সেয়া আজি লুপ্ত প্রায় বুলি ক'লেও ভুল কোৱা নহ'ব । আজি হুঁচৰি গুৱা হয় কেৱল নিৰূপিত নগদ ধনৰ বিনিময়ত । ডাঙৰীয়াৰ চোতালত বা প্রতিযোগিতাৰ মঞ্চৰ বাবেহে কঁকালত টঙালি বান্ধি সাজু হয় বিহুৱা । 'কৰিঅ' গ্রাফড্ নাচনী'ৰ কথা নক'লোৱেই বা । সংস্কৃতি যিহেতু বোৱতী সুঁতি, পৰিবৰ্তন অৱশ্যম্ভাৱী কিন্তু সাতাম পুৰুষীয়া ঐতিহ্যৰ ধাৰক বাহক.. বাপতি সাহোন চেনেহৰ ৰঙালী বিহুলৈ আজি পৰিৱৰ্তনৰ দোহাই দি যি হাৰত মূলৰ পৰা বিচ্ছিন্ন কৰি অহা হৈছে, কিমান দিনলৈ বিহু অসমীয়া জীৱনৰ, মূল্যবোধৰ, গৌৰৱময় পৰম্পৰাৰ প্রতীক হৈ ৰ'ব ? সেয়াহে চিন্তনীয় ৷