মাৰ ডায়েৰি (সৌৰভ জ্যোতি বৰ্মন)

(১)

"মা আপোনাৰ বাবেওঁ চাহ বনাম নে ? " -- পিয়লাটোৰে পানী জুখি - মাখি দি থাকিয়ে মাকক সুধিলে ৰূপমে । কিন্তু, একো উত্তৰ নাহিল । "মাঁ আপুনি শুই গ'ল নেকি ? চাহ খাই লওঁক ভাল লাগিব, ঔষধো খাব লাগিব ।" -- এনেকুৱা লাগিছে, ৰূপমে যেন নিজকে নিজে হে কৈ আছে কথাবোৰ । অৱশেষত ৰূপমে গেছটো ধিমাই দিলে আৰু মাকৰ কোঠাৰ ফালে আগবাঢ়ি গ'ল । কোঠাৰ ভিতৰত প্ৰৱেশ কৰি ৰূপমে মা.... বুলি মাতিবলৈ গৈ ৰৈ গ'ল । মাৰ টোপনি আহি গৈছিল, হয়টো ঔষধ বিলাকৰেই প্ৰভাৱ, অথবা বিষটো অলপ কমিছে । যোৱা দুই ৰাতিৰ পৰা তেখেতৰ চকুত টোপনি নাছিল অলপো, গোটেই শৰীৰটোতেই ভয়ানক বিষ আছিল । ডাক্তৰে ঔষধৰ লগতে জিৰণি ল'বলৈ কৈছে, লগতে ভাব - চিন্তা বোৰওঁ আঁতৰাবলৈ কৈছে । ডাক্তৰৰ কথা শুনি ৰূপম অলপ আচৰিত হৈছিল -- "মা.... আৰু ভাব -চিন্তা... কথাটো চোন অলপো নিমিলেই... মাই চোন সদায় হাঁহিয়েই থাকে.... তেখেতৰ হাঁহি দেখিটো বেলেগৰ ভাব -চিন্তা নাইকিয়া হয়... আপুনি ও কি যে কয় মহাশয়..." । "শুনক ডাঙৰীয়া, কিছুমান মানুহ অন্তৰৰ দুখবোৰ লুকুৱাই ৰখাত একদম পাকৈত... কিন্তু, কথাটো হ'ল হৃদয়খনে ইমান দুখ সহ্য কৰিব নোৱাৰে... " -- উপদেশ খিনি দি ডাক্তৰ মহাশয় গুছি গৈছিল ৷

মাকৰ ধ্যান ৰখাৰ বাবেই ৰূপমে চুটি লৈছে । তাৰ ঘৈণীয়েক ৰীমা, পুতেক ধ্ৰুৱক লগত লৈ মাকৰ ঘৰলৈ গৈছে । সিওঁ কথাটো ৰীমাক জনোৱা নাই । ভাবিছে, নিজেই সকলো চম্ভালি ল'ব আৰু মা ও ক'তনো বেছিদিন বিচনাত পৰি থাকে । ভীষণ জ্বৰটো ঔষধ খোৱাৰ লগে- লগেই ভাল পোৱা দেখি আহিছে মাকক । জিৰণিৰ লগত যেন জন্ম-জন্মান্তৰৰ শত্ৰুতাহে আছিল মাকৰ । যিয়েই নহওঁক শান্তিৰে শুই থকা মাকক নজগালে ৰূপমে । নিহালি খন উৰাই দিবলৈ ওচৰলৈ গৈ দেখিলে ৰূপমে - মাকে পুৰণি কিতাপ এখন বুকুৰ মাজত লৈ শুই আছে । খুব নিশব্দে সি মাকৰ বুকুৰ মাজৰ পৰা কিতাপখন উলিয়াই আনি নিহালি খন উৰাই দিলে । দৰাচলতে, মাকৰ বুকুৰ মাজত থকা সেইখন কোনো কিতাপ নহয়, এটা পুৰণি ডায়েৰি হে । আৱৰণটোত লিখা আছে ডায়েৰি- ১৯৮০ । এবাৰ ৰূপমে ভাবিলে ডায়েৰিটো মেজ খনতে থৈ দিয়া যাওঁক, কিয়নো আনৰ ডায়েৰি পঢ়া ভাল কথা নহয় । কিন্তু তাৰ মনত উৎপন্ন হোৱা কৌতুহলৰ ওচৰত সি হাৰি গ'ল আৰু ডায়েৰিটো হাতত লৈ মাকৰ কোঠাৰ পৰা ওলাই আহিল । ডাইনিঙত ডায়েৰিটো থৈ, পাকঘৰলৈ গ'ল তাৰ চাহ পিয়লা আনিবলৈ । চাহ খিনি কমি- কমি তলিত লাগিছে । তথাপিও পিয়লাটোত যিখিনি হয়, তাকেই লৈ ডাইনিঙলৈ আহিল । তাৰ হঠাৎ মনত পৰিল, কেইটামান দৰকাৰী e-mail কৰিবলগীয়া আছে । চাহৰ এঘোট গিলি লৈ ৰূপমে লেপটপটো খুলি ল'লে । চাহৰ পিয়লাটো ডাইনিঙত থওঁতে ৰূপমৰ চকু পুনৰবাৰ ডায়েৰিটোত ৰৈ গ'ল । লেপটপটো তেনেকৈয়ে এৰি ডায়েৰিটোৰ পৃষ্ঠা বোৰৰ ৰহস্য উদঘাটন কৰিবলৈ লাগি গ'ল সি ।