শিক্ষানুষ্ঠানত নামভৰ্তি ক্ষেত্রত চাব লগা দিশসমূহ তথা উচ্চতৰ মাধ্যমিকত শাখা কেনেকৈ নিবাৰ্চন কৰিব ? (ড° বুলজিৎ বুঢ়াগোহাঁই)

বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি ক্ষেত্রত চাব লগা বহুতো দিশ আছে । প্রথম দিশটি হ'ল - শিক্ষানুষ্ঠানবোৰৰ বৈধতা / ডিগ্রীৰ মর্যাদা / ব্যৱস্থা / স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে । এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয় (www.education.nic.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (www.ugc.ac.in), ভাৰতীয় চিকিৎসা পৰিষদ (www.mciindia.org), ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (www.naac.gov.in), নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org), ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (www.aiuweb.org), দূৰ শিক্ষা পৰিষদ (www.dec.ac.in), ভাৰতীয় নাৰ্ছিং পৰিষদ (http://www.indiannursingcouncil.org), আৰ্কিটেকচাৰ পৰিষদ (http://www.coa.gov.in), ভাৰতীয় বাৰ পৰিষদ (www.barcouncilofindia.org) আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হ’লেই নহ’ব । যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি মহাবিদ্যালয় / বিশ্ববিদ্যালয়বোৰৰ শিক্ষণ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে জানি লোৱা উচিত, যেনে - পুথিভঁৰাল, ইণ্টাৰনেট আদি সা- সুবিধা আছে নে নাই, কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, উত্তীৰ্ণ হোৱা ছাত্র -ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত । সেইদৰে, থকা সা- সুবিধা কেনে, পঢ়াৰ সুবিধা কেনেকুৱা সেই বিষয়েও জ্ঞান লোৱা উচিত । ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ'ল - শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী, শিক্ষানুষ্ঠানখন ঘৰৰ পৰা ওচৰত নে আঁতৰত অৱস্থিত, শিক্ষানুষ্ঠানখনৰ শিক্ষকসকল অভিজ্ঞ হয় নে নহয়, নামভৰ্ত্তিৰ মাচুল, টিউচন মাচুল কিমান, আৰ্থিক সাহৰ্য লাভৰ সুবিধা আছে নে নাই, নামভৰ্ত্তি প্রক্রিয়া শিক্ষান্ত পৰীক্ষাৰ নম্বৰ ওপৰত নে বাচনি পৰীক্ষাৰ ভিত্তিত হয়, শিক্ষানুষ্ঠানখনৰ উত্তীৰ্ণ হাৰ কেনেকুৱা, শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান আদি বিষয়ে জানি ল'লে ভাল হয় । খেলা -ধূলাকে আদি কৰি অন্যান্য extra- curricular activitiesকৰিবৰ বাবে সুবিধা আছে নে নাই, শিক্ষানুষ্ঠানখন নিৰাপদ আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয় জানি ল'ব লাগে । লগতে প্রাক্তন ছাত্র- ছাত্রীৰ সংগঠন (Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি ল'ব লাগে কাৰণ এই সংগঠন শক্তিশালী হ'লে শিক্ষাৰ্থীসকলে চাকৰি পোৱাত সুবিধা হয় ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্র -ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ ক'লা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওঁতে কিছু সংখ্যক ছাত্র -ছাত্রী বিবুদ্ধিত পৰে । শাখা নিবাৰ্চনৰ বিষয়ে আলোচনা কৰা আগতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে, ক'লা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে ভালদৰে অধ্যয়ন কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে ৷
সাধাৰণতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ'লেই ছাত্র- ছাত্রীসকলে বিজ্ঞান শাখাত নাম ভর্তিৰ কৰাৰ বাবে নিজে সিদ্ধান্ত গ্রহণ কৰে অথবা কোনো কোনো ক্ষেত্রত অভিভাৱকসকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিবৰ বাবে বাধ্য কৰায়, কিন্তু এনে হোৱা উচিত নহয় ৷
ছাত্র - ছাত্রীসকলৰ কোনো বিষয়ৰ প্রতি থকা ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, ক'লা নে বাণিজ্য শাখাত নাম ভর্তি কৰিব তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয় । যিহেতু বিভিন্ন কাৰণত আগ্রহ থকা বিষয়বোৰত ছাত্র বা ছাত্রীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে । যদি ছাত্র বা ছাত্রীগৰাকীৰ গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নাম ভর্তি কৰিব পাৰে । সেইদৰে সাহিত্যৰ বিষয়ত যদি আগ্রহ আছে তেন্তে ক'লা শাখাত নাম ভর্তি কৰিলে ভাল হয় ৷ আকৌ, কোনো ছাত্র- ছাত্রীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে তেন্তে গণিত বিষয়সহ ক'লা শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে, গণিত বিষয়টি ভাল পায় কিন্তু বিজ্ঞানৰ জীৱ বিজ্ঞান শাখাটি ভাল নাপায় তেনে ছাত্র- ছাত্রীয়ে জীৱবিজ্ঞান বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে, একেদৰে জীৱ বিজ্ঞান বিষয়টি ভাল পোৱা কিন্তু গণিত বিষয়টি ভাল নোপোৱা সকলে গণিত বিষয়টি নোলোৱাকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে । কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে বিজ্ঞান শাখাত নাম ভর্তি কৰা ছাত্র- ছাত্রী সকলে গণিত তথা জীৱ বিজ্ঞান দুয়োটা বিষয় নিবাৰ্চন কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্রত সুবিধা লাভ কৰিব পাৰিব ৷
ইয়াৰ উপৰিও কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব, সেই সম্পৰ্কে ছাত্র- ছাত্রীসকলে এক সাম্যক ধাৰণা যুগুতাই ল'ব পাৰিলে শাখা নিবাৰ্চন কৰা ক্ষেত্রত যথেষ্ট সুবিধা হ'ব ।
ইয়াৰ উপৰিও শাখা নিবাৰ্চন কৰাতো ছাত্র-ছাত্রীসকলৰ হবি (hobby) বোৰকো গুৰুত্ব প্রদান কৰিলে ভাল হয় । লগতে আৰু এটা গুৰুত্বপূৰ্ণ দিশ চাব লাগিব । সেই দিশটি হ'ল – অভিভাৱকসকলৰ আৰ্থিক অৱস্থা । ইয়ো ছাত্র- ছাত্রীসকলৰ শাখা নিবাৰ্চন কৰাৰ ক্ষেত্রত এক বিশেষ ভূমিকা গ্রহণ কৰে । যিসকল ছাত্র- ছাত্রীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে, তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব পাৰে ।
শেষত, ছাত্র- ছাত্রীসকলে শাখা নিবাৰ্চন কৰোতে কেৰিয়াৰ বিশেষজ্ঞৰ সহায়ও ল’ব পাৰে ।

ঠিকনাঃ সহকাৰী অধ্যাপক,
যান্ত্রিক অভিযান্ত্রিক বিভাগ,
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী,
গুৱাহাটী-৭৮১০১৭, অসম ।
ফোন: ৯৪৩৫১-৮৮৬৩০
ই-মেইল: buljit@gmail.com
তাৰিখ : ১৪।০৩।২০১৭