সম্পাদ্কীয়



ব'হাগ এটি মাথোঁ ঋতু নহয়,
নহয় ব'হাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা,
গণ জীৱনৰ ই সাহ....

সময় গতিশীল, সময়ৰ গতি লগে লগে ধৰিত্ৰী বুকুলৈ নামি আহে ঋতুৰাজ বসন্ত ৷ বসন্তৰ আগমনে প্ৰকৃতিয়ে ন- সাজ সলায় কুলি- কেতেকীৰ বিননীত সকলোৰে মনত ৰঙালীৰ ৰং সানিলে ৷ ৰঙৰ উল্লাহত সকলোৰে মন সালিছে জালিছে ৷ ডেকাসকলে হুঁচৰি যুৰি পদধূলি পেলাইছে ৷ গাভৰু সকলে বিহু জুৰিছে ৷ অতীতৰ পৰম্পৰাৰে সৰুৱে ডাঙৰক সেৱা কৰিছে ৷ এয়াই যে পৰম্পৰা।


শেষত
সকলো সাহিত্যিক, কবি, লেখক, পাঠক সমাজলৈ বৰ্ণিল আলোচনী তৰফৰ পৰা অসমীয়াৰ বাপতি সাহোন ৰঙালী (ব'হাগ) বিহুৰ হিয়াভৰা শুভেচ্ছা ও ওলগ জনালো ৷ আশা কৰো বসন্ত সুবালে সকলোৰে দেহ, মন, প্ৰাণ চঞ্চল কৰি নতুন চিন্তা, নতুন আশা, নতুন পৰিৱৰ্তন হৈ জীৱনত সুখ, শান্তি সমৃদ্ধিৰ ভৰি পৰক, অনাগত সময়ত মনৰ বাঞ্ছা পূৰ্ণ হওঁক তাৰেই কামনাৰে ৷