নতুন দিনৰ প্ৰত্যাশা (পল্লৱী বৰা)


"মোৰ কাম থাকে ৷ কি ভাবা তুমি মই ৰাতি আধা বেলালৈকে বাহিৰত এনেই থাকি ভাল পাওঁ ? সদায় কিয় অনুভৱ কৰোৱা মই তোমাক বিয়া কৰি আনি ইয়াত কষ্ট দিছো ? অকলশৰীয়া কৰিছো !" খঙত জোৰকৈ দুৱাৰখন জপাই ওলাই গ'ল পৰাগ । অলপ সময় তেনেকৈয়ে চকীখনত বহি থাকি লাহেকৈ উঠি আহিল চুপহি । পৰাগে খঙত দলিয়াই থৈ যোৱা খোৱাৰ প্লেটখনৰ ইটো সিটো ৰুমটোৰ য'ত ত'ত সিঁচৰতি হৈ পৰিছে । চাফা কৰিবলৈ লৈ পকাখনতে বহি পৰিল তাই । চেঁপা কান্দোন এটাই তাইৰ বুকু ভেদি ওলাই আহিবলৈ আপ্ৰাণ চেষ্টা কৰিলে । আন দিনাৰ দৰেই কিন্তু তাই আজিও নাকান্দিলে । চুপহিয়ে জানে কান্দি কি হ'ব ? নিজক দুৰ্বল কৰাৰ বাহিৰেটো আন একো নহয় । সহ্য কৰে তাই যেতিয়ালৈকে পাৰে কিন্তু সহ্যৰ বান্ধ কেতিয়াবা খুলি গ'লে তাইৰ বাথৰুমৰ দুৱাৰখন বন্ধ থাকে ঘণ্টা যুৰি ঘণ্টা । অকলশৰে ৰাতিপুৱা ৯ বজাৰ পৰা নিশা ১২ বজালৈকে থকা নিজান ঘৰখনতো তাই মন প্ৰাণ খুলি কান্দিব নোৱাৰে । যেন ঘৰৰ চাৰিওকাষৰ দেৱালবোৰেও তাইক পুতৌৰ দৃষ্টিৰে চাব ! বাথৰুমত পানীৰ ধাৰে তাইৰ চকুপানীৰ নিচান মচি দিয়ে। তাইৰ বিশ্বাস তাতেই ৷ অটুত বিশ্বাস।


পৰাগ বৰা ৷ বিগত ১৬ টা বছৰে অসমৰ বাহিৰত থাকি ব্যৱসায়ত খোপনি পোটা তেওঁ এজন অত্যন্ত বুদ্ধিয়ক আৰু practical মানুহ ৷ Love, Emotion এইবোৰৰ মূল্য তেওঁ টকাৰে জোখে । প্ৰতিটো কথাৰ অন্তত তেওঁৰ এটা শব্দই চুপহিক বৰ কষ্ট দিয়ে । "লাভ"… যেন সকলো কথাকেই তেওঁ লাভ- লোকচানৰ তুলাচনীত জুখিব । এটা এটা সময়ৰ হিচাপ । দহ মিনিট break fast উলিওৱা পলম হ'লেই তেওঁৰ যেন লোকচান হয় বহু লক্ষ্যাধিক টকাৰ । চুপহিয়ে বিচাৰে পৰাগে তাইৰ লগত ঘৰত থকা সময়খিনিত অন্ততঃ লাভ- লোকচানৰ চিন্তা নকৰক । বিয়াৰ পিছৰে পৰাই টো চুপহিয়ে পৰাগৰ কথা মতেই কৰি আহিছে সকলো ।
- বিয়াত বহুত সময় নষ্ট হ'ল ৷ আমি দুয়ো ফুৰিবলৈ সময় মিলাই পিছত যাম নে ?
- কিবা কিনিব লগা থকা থাকিলে অকলে ওলাই কিনি আনিবা গৈনে ? পিছত সময় মিলাই আমি দুয়ো shopping কৰিবলৈ যাম হা ।
- আগতে বহুত কাম কৰিলা । এতিয়া আৰু চাকৰি কৰিব নালাগে । নহ'লে চোন তুমি মই নিজাকৈ অলপো সময়েই নাপাম ৷

বহুত কথাই আছিল পৰাগৰ সময় মিলাই কৰাৰ । কিন্তু বিয়াৰ এই দুবছৰে সেইয়া হৈ নুঠিল । চেষ্টা কৰিও কোনো ধৰণৰ সহাঁৰি নাপালে চুপহিয়ে । পৰাগৰ চকুত চুপহি বিফল হ'ল ৷ এজনী সফল পত্নী হোৱাৰ খিতাপ তাইৰ পৰা তাইৰ স্বামীয়ে কাঢ়ি ল'লে ৷ অথচ চুপহি এজনী সাংঘাটিক ভাল বোৱাৰী, মৰমীয়াল মামী, খুব আদৰৰ এজনী জী হৈ পৰিল সকলোৰে বাবে ৷
:
তুমি খুবেই মৰমীয়াল । তোমাৰ কথাৰ পৰা সেইয়া বুজা যায় । দেখাত তুমি কেনে সেইয়া মোৰ বাবে কোনো বিচাৰ্য্যৰ বিষয় নহয় । বচ তোমাক ভাল লাগিছে আৰু মন গৈছে তোমাৰ মৰমবোৰৰ মাজত নিজক উটুৱাই দিবলৈ ৷ মই চোন দেখাত অলপো ভাল নহয় । শকত, ক'লা । তথাপিও আপুনি মোক বিয়াৰ বাবে পচন্দ কৰিলে ৷ কিয় ?"- এই বুলি কৰা প্ৰশ্নটোৰ উত্তৰ পৰাগে ইমান ধুনীয়াকৈ দিব বুলি চুপহিয়ে ভবাই নাছিল । কিবা এটা লাজ লাগি গ'ল তাইৰ । জীৱনত ভালপোৱা, ভাল লগাবোৰ তাইৰ কাষলৈ আহিলেও হৃদয় উজাৰি ভালপোৱা লৈ গুছি যায় সকলোৱেই । বিয়াৰ বয়স হোৱাৰেপৰা ঘৰলৈ কেইবাজনো টো ল'ৰা আহিল । চালে, কথা পাতিলে, খবৰ দিম বুলি গুচি গ'ল ৷ উত্তৰত উভতি আহিল তাইৰ বাহ্যিক সৌন্দৰ্যৰ খুটি- নাটি হিচাপ ৷ হাৰি যোৱা নাছিল চুপহি । জীৱনটোত হাৰিবলৈ চোন নিশিকেলে তাই ।অকলশৰে থাকিব পাৰিম বুলি জেদত বহোতেই পৰাগে বায়েকৰ ঘৰলৈ আহি লগ পাইছিল চুপহিক সেইবাৰ । পৰাগৰ পচন্দৰ মতেই চুপহিক পৰাগৰ পত্নী কৰি পঠিয়াই দিয়া হ'ল তাৰ লগত ৷ তাই এৰি গুছি গ'ল তাইৰ আপোন ঘৰখন, আপোন মানুহবোৰক, ভাল লগা ঠাইৰ মন পৰশা আবেলিবোৰ, পুৱাবোৰ । তাইক নতুনকৈ জাপি দিয়া হ'ল দায়িত্ব ৷ এক গধুৰ দায়িত্ব ৷ শাহুৱে মৰমত ক'লে তাইক,
- মোৰ ল'ৰাটো গটালো ৷ মৰমত ৰাখিবা ৷ কষ্ট পাবলৈ নিদিবা ৷ অকলে অকলে তাত থাকে ৷ কি খায়, ক'ত শোৱে কোনো ঠিকনা নাই তাৰ ৷ তাক, তাৰ ঘৰখনক ধৰাত তাক সহায় কৰিবা মা । মই জানো তুমি পাৰিবা ৷ সাদৰী মাজনীৰ কথাত পাগলী চুপহি জনী কান্দি উঠে ৷ মাকক কয়-
- আপুনি চিন্তা নকৰিব মা ৷ আজিৰে পৰা তেওঁক মই কষ্টত থাকিবলৈ নিদিও ।
মৰমতে সাবটি ধৰে শাহুৱে তাইক । তাই চেষ্টা কৰে ৷ আপ্ৰাণ চেষ্টা কৰে পৰাগক মৰমত ৰখাৰ ৷ বিনিময়ত তাই পৰাগৰ এষাৰ মৰমৰ মাত বিচাৰে, অলপ সময় বিচাৰে, অলপ নিৰল মুহূৰ্ত বিচাৰে ৷ চুপহিক বুঢ়া আঙুলি দেখুৱাই জীৱনে কাঢ়ি নিয়ে তাইৰ পৰা তাইৰ প্ৰাপ্যবোৰ । দুখত কেতিয়াবা পৰাগক এটা আবেলিৰ ভিক্ষা কৰিলেও জাঙুৰ খাই উঠে পৰাগ ৷ বুকুত শালী দিয়ে কটাক্ষ শব্দবোৰ । তাইৰ ক'ত ভুল হৈ যায় নাজানে চুপহিয়ে ।বুকুখন উদঙ হৈ যায় যেতিয়া পৰাগে পুৱা খঙ কৰি দিনটোলৈ বুলি ওলাই গুছি যায় । তাইৰ বুকুৱে হাহাকাৰ কৰি উঠে সেই সাদৰী তাৰ মাক জনীলৈ । তেওঁ যে দুখ নাপাওঁক বুলিয়েই চুপহিয়ে মিছাৰ ওপৰত মিছা মাতি যাব লগা হয় । পাপবোধত তাই শেষ হৈ যায় । আত্ম দহনত চুপহিৰ কেতিয়াবা যেন শ্বাসৰুদ্ধ হৈ যাব ৷ পৰাগ কিন্তু নিৰ্বিকাৰ । এজন পাকৈত অভিনেতাৰ দৰে পুৱাৰ সকলো খঙ পাহৰি তেওঁ ঘুৰি আহে নিশা ঘৰলৈ ৷ তেওঁৰ সেইয়া ভাল অভ্যাস । ভাতৰ পাতত ক'ত তেওঁৰ দিনটোত কিমান শতাংশ লাভ হ'ল তাৰ পাতনি মেলি হাঁহি হাঁহি তেওঁ ভাত খায় ৷ চুপহিয়েও হাঁহি হাঁহি প্ৰত্যুত্তৰ দিয়ে -
- বাহ, হয় নেকি ? খুব ভাল ৷

চুপহিক লাহে লাহে ঘৰখনৰ নিৰ্জনতাই খেদিবলৈ ধৰে ৷ শূন্য ঘৰটোৰ চাৰিও কোণে যেন তাইক উপহাস কৰি আটহাস্য কৰে । তাইৰ সহ্য নহয় আজিকালি ৷ তাইৰ এই নিস্তব্ধতা সহ্য নহয় । মাজে মাজে তাই সপোন দেখে ৷ তাই, পৰাগ আৰু তাইৰ কোঁচত এটা অকণমানী দেৱশিশু ।পৰাগৰ গৌৰাম্বিত মুখ আৰু তাইৰ নিজৰ স্নেহ সিক্ত চকু যুৰিক সপোনতে মৰম লাগি যায় তাইৰ ৷ সাৰ পালে টোপনিৰ পৰা লাহেকৈ নিজৰ পেটতো চুই চায় । শূন্যতাৰ মাজতো হাঁহি বিৰিঙি উঠে তাইৰ মুখত । তাই সিদ্ধান্ত লয় । তাইৰ গৰ্ভত থিতাপি লওঁক তাইৰ আৰু পৰাগৰ সন্তানে ৷ তাই সেই সন্তানৰ মাজতেই বিচাৰিব পৰাগৰ সমস্ত মৰম, ভালপোৱা, আকুলতা, আব্দাৰ, অভিমান ৷ থিক, চুপহি 'মা' হ'ব । নিমিষতে তাইৰ দুগালত থূপ খাই যায় গৰম গৰম এসোঁতা তেজ ৷ মাতৃত্বৰ কথা ভাবিয়েই নিজক চুপহিয়ে উটুৱাই দিয়ে কল্পনাৰ সাগৰত । চুপহিৰ যেন সকলো দুখ সকলো কষ্ট শেষ হৈ যায় ৷ তাইৰ সিদ্ধান্ত জনাবলৈ আগ্ৰহেৰে তাই বাট চাই পৰাগ অহালৈ ৷

- পাগল হৈছা ? এতিয়াই তুমি 'মা' হ'ব বিচাৰা ? ইমান সোনকালে ? বৰ্তমানচোন মই মোৰ ব্যৱসায়ত লাভ কৰিবলৈ আৰম্ভ কৰিছোহে ৷ যদি এতিয়াই সেই লেঠাবোৰ গোটাই লওঁ কেনেকৈ থানথিত লগাম আমাৰ সংসাৰখন ? তুমি বৰ্তমান এই চিন্তা বাদ দিয়া । ফুৰ্তি কৰা চোন ৷ বিয়াৰ দুবছৰৰ ভিতৰতেই তুমি অন্ততঃ মা হ'বলৈ বিচাৰিবা বুলি মোৰ মনে কোৱা নাছিলে । মইতো বৰ্তমান পিতৃ হোৱাৰ কথা ভাবিবও নোৱাৰো ৷ I have so much workto do. আমাৰ প্ৰথম চিন্তা ভৱিষ্যত টো থিক কৰাৰ । তাৰ পিছত ভাবিম সন্তানৰ কথা ৷ হ'বনে ?

হাঁহি মাৰি সাবটি ধৰে পৰাগে চুপহিক ৷ শিলপৰা কপৌৰ দৰে স্থিৰ হৈ যায় তাই ।বুকুখনৰ দুখবোৰ যেন এইমাত্ৰ ওলাই আহিব এটা ডাঙৰ কান্দোনৰ ৰূপত ৷ পৰাগৰ মৰমৰ নামত থকা শয়ন পাটীৰ সময় কণলৈ ঘিণ লাগিবলৈ ধৰে চুপহিৰ । যেন পৰাগ নহয় সেইয়া নাৰীদেহৰ প্ৰতি লালসাত লিপ্ত আন কোনোবা এজন ব্যক্তিহে ৷ যাক তাই কাহানিও চিনি নাপায় । ঠেলা মাৰি যেন আঁতৰাই পঠাব তাই সেই অচিনাকি মানুহটোক । চুপহিৰ সঁচাই জ্ঞান শূন্য হৈ আহে । তাই নাজানে লাহে লাহে কি হ'বলৈ ধৰে তাইৰ ! দিনক দিনে এটা যন্ত্ৰলৈ ৰূপান্তৰিত হ'বলৈ ধৰে তাই । পুৱাৰ পৰাই নিশা দুপৰলৈকে গাৰুটোক সাবটি দুৱাৰ দলিতে বহি ৰয় চুপহি । শাহুৰ ফোনৰ উত্তৰ টো তাইৰ ক'বলগীয়া বোৰ চোন হেৰাই যায় ৷ এজনী জীৱনৰ ৰঙেৰে ৰঙীণ ছোৱালীৰ লাহে লাহে মৃত্যু হ'বলৈ ধৰে ৷ জীয়াই থকাৰ যেন কোনো হাবিয়াস নাই ৷ হাঁহি কান্দোনৰ কোনো উৎস নাই ৷ নিৰ্লিপ্ত মনোভাৱ ৷ মাজে মাজে চুপহিয়ে "মোৰ বাবাটো", "মোৰ সোণটো" বুলি চিঞৰি উঠে ৷

প্ৰতিবেশীয়ে পৰাগক জনায়,
"There's something wrong with your wife. Please take her to a Doctor. Bichbich main khubwo khud roti hai aur hasti bhi hai. Kuch toh garbar hai."
হাঁহি দিয়ে পৰাগে । চুপহিক জানে সি ৷ তাইৰ অসুবিধা নাই ৷ চুপহিয়ে তাৰ মাকৰ লগত কথা পাতোতে সদায় তেনেকৈয়ে ব্যৱহাৰ কৰে ৷ তাৰ মাকেও তাইৰ লগত দিনটোত ঘণ্টা যুৰি কথা পাতে । তাই তেনেকৈ react কৰাটো সাধাৰণ ৷ পৰাগৰ কথা শুনি আচৰিত হৈ উভতি যায় তেওঁলোকৰ প্ৰতিবেশী । কেনে আচৰিত মানুহ এইজন ? অলপো সহানুভূতি নাই, মৰম নাই নিজৰ পত্নীৰ প্ৰতি !

পৰাগে চুপহিক সোধে,
- কিবা অসুবিধা পাইছা… ? মোক কোৱা ।" চুপহিয়ে একো নকয় । কৰি যায় তাই নিজৰ কৰণীয় ৷ পৰাগ যোৱাৰে পৰা নিশা উভতি নহালৈকে দুৱাৰ মুখতে বহি ৰয় চুপহি । এদিন তেনেকৈয়ে বহি ৰোৱা ঠাইতে ঢলি পৰে তাই । গাখীৰ দিবলৈ অহা ল'ৰাটোৱে তেনেকৈ তাইক দেখি চিঞৰ বাখৰ কৰাত ওচৰৰ মানুহে আহি লৈ যায় তাইক কাষৰ নাৰ্চিঙ হোম খনলৈ । পৰাগক খবৰ দিয়া হয় । পৰাগ আহি পোৱাত তাক দেখি চুপহিয়ে চিঞৰি উঠে ।" চোৱানা পৰাগ । মোক ইহঁতি যাবলৈকে নিদিয়ে । মই কৈছো মোৰ তোমাৰ বাবে ভাত বনাবলৈ আছে ৷ তুমি ভোকত নাথাকিবা ৷ কষ্ট পাব মায়ে । ব'লা ৷ এওঁলোকে কিয় হাতে ভৰিয়ে ধৰি শুৱাই থৈছে মোক ! কৈছে তুমি আহিলেহে যাবলৈ দিব । তুমি আহিলা এতিয়া মোক এৰি দিবলৈ কোৱানা ৷ Please পৰাগ ৷ "পৰাগৰ মুৰত যেন সৰগ ভাগি পৰিল । কি হ'ল তাৰ চুপহি জনীৰ এইবোৰ ? কিয় এনে ব্যৱহাৰ কৰিছে তাই ? ডাক্তৰৰ ওচৰলৈ দৌৰি যায় পৰাগ ।" ডাক্তৰ সদায় একেবাৰেই normal ব্যৱহাৰ কৰা এজনী মানুহৰ হঠাৎ এনে কেনেকৈ হ'ব পাৰে ? কেনকৈ হ'ল এনে ডাক্তৰ? Please tell me doctor. What is happening withher ? মানসিক ৰোগী তেওঁ নহয় ৷ মাত্ৰ আপোনজনৰ কিছু অৱহেলিত ব্যৱহাৰে চুপহিক মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাত যথেষ্ট সহায় কৰিছে ৷ তেওঁৰ কাষত কোনো নাই ৷ যাৰ সৈতে সুখ- দুখ সকলো বিলাই দিব পাৰে । সাধাৰণ ব্যৱহাৰৰ এই ৰোগ তেনেই সাধাৰণ মি. পৰাগ বৰা ৷ তেওঁ বিচৰা ধৰণেৰে নোপোৱা বোৰক লৈ তেওঁ অত্যন্ত অসুখী । অথচ তেওঁৰ কাষৰ সকলোকে তেওঁ সুখী কৰিব বিচাৰে ৷ ফলত মনৰ শূন্যতাত তেওঁ ডুব গৈ গৈ হেৰাই গ'ল তেওঁৰ নিজৰ অস্তিত্ব ৷"

- ডাক্তৰ, মোৰ পত্নীক বচাওঁক । থিক কৰি দিয়ক তাইক ৷ মই মোৰ পত্নীক বুজি নাপালো ৷ নিজৰ ব্যৱসায়ৰ কামত ইমানেই ব্যস্ত হৈ গ'লো যে মোৰ কৰ্তব্যও মই পাহৰি গ'লো ৷ মোৰ চুপহি মোৰ পত্নী হ'ব পাৰিলে । মই কাহানিও তাইৰ স্বামী হ'ব নোৱাৰিলো ৷ Please Doctor. Save her. Please save her." কান্দোনত ভাগি পৰিল পৰাগ । ডাক্তৰে বহুতো দিহা পৰামৰ্শ আৰু ঔষধৰ লগতে চুপহিক পৰাগৰ লগত ঘৰলৈ পঠিয়াই দিয়ে ৷ পৰাগক এটা কথা ডাক্তৰে বাৰে বাৰে কৈ পঠিয়ালে যদিহে নিজৰ পত্নীক তেওঁ বিচাৰে তেনে সময় আৰু মৰম দুয়োটাই যাতে তাইক দিয়ে ।অন্যথা তেওঁৰ পত্নীক জীয়াই তুলিব পৰা নাযাব ৷ পৰাগে চুপহিক পুনৰ আগৰ ৰাঙঢালী চুপহিজনী কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰে ৷ লৈ গ'ল ফুৰাবলৈ বাহিৰলৈ । সময় কটালে নিজাকৈ তাইৰ লগত । যিমান পাৰে সিমান মৰমত ডুবাই ৰাখিলে পৰাগে চুপহিক ৷ অকৃত্ৰিম পৰিচৰ্যাৰ ফলশ্ৰুতিত তাই লাহে লাহে সুস্থ হ'বলৈ ধৰিলে ৷ মৰমত পৰাগে চুপহিক যেন মণি- মুকুতাৰে ভৰাই পেলাব । তাইৰো পৰাগৰ পৰিৱৰ্তন দেখি পৰাগলৈ মৰম বাঢ়িবলৈ ধৰিলে । পৰাগৰ অশেষ কষ্টত এদিন তাই সম্পূৰ্ণ সুস্থ হৈ উঠিল ৷ সি তাইক এদিন সাবটি থাকিয়ে ক'লে-
- বহুত কষ্ট দিলো তোমাক । বুজিও নুবুজিলো তোমাক যে সম্পূৰ্ণ অকলশৰীয়া কৰি পেলাইছিলো মই ৷ উন্নতিৰ উচ্চ শিখৰত উঠাৰ হাবিয়াসত হেৰুৱাই পেলাইছিলো মানৱীয়তাৰ সংজ্ঞা । তোমাক ক্ষমা খোজাৰো যোগ্য মই নহয় । তথাপিও যদি মোক ক্ষমা কৰিব পাৰা কৰিদিবা ৷
- চুপহিয়ে হাঁহি মাৰি কয়, ক্ষমা কৰিম তোমাক । যদিহে সোনকালেই মোক তোমাৰ দৰেই এক দেৱশিশু উপহাৰ দিয়া ৷ সশব্দে হাঁহি দিয়ে পৰাগে আৰু জোৰকৈ সাবটি ধৰি চুপহিক হেঁচি ধৰে নিজৰ ওঁঠ তাইৰ ওঁঠত।

- মা ৷ এটা ভাল খবৰ আছে ৷ তুমি আইতা হ'বলৈ ওলাইছা ৷
- কি ? সঁচা বাবা ? তই সঁচাই কৈছ' নে ? মই যে আজি বহুত সুখী । বহুত বেছি ৷ বোৱাৰীক মৰম দিবি বাবা । তাই তোৰ বাবে যথেষ্ট কৰিছে ৷
- দিম মা ৷ বুজিছো মইও চুপহিৰ অবিহনে এই পৰাগৰ কোনো অস্তিত্বই নাই । সোনকালে গৈ আছো মা তোমালোকৰ কাষলৈ ৷ তোমাৰ বোৱাৰী আৰু হ'বলগীয়া আমাৰ নক্ষত্ৰটো লৈ ৷

লাজতে চুপহিয়ে সাবটি ধৰিলে পৰাগক । ফোনটো কাণতে লৈয়ে পৰাগে আঁকি দিলে চুপহিৰ কপালত এটা চুমা ৷ শুনক মাকেও । বিৰবিৰাই উঠিল পৰাগে, "মই পুনৰ কেতিয়াও আৰু অকলশৰীয়া হ'বলৈ নিদিও তোমাক ।"