ব'হাগৰ গুটিফুল (ধৰিত্ৰী বৰুৱা)

শুনিছনে চেনাই
ব'হাগলৈ আছে মাথোঁ
আঙুলি মূৰৰ দুদিন
ৰঙা সূতা দেখোন আজিও নানিলি ?
দেখা নাই জানো
মদাৰৰ বেদনা আঁতৰিল
ডাঠ সেউজীয়া বোৰেও
কোমল সাজত থিয় হ'ল
জামু গছৰ গাত সাবটা
সৌ কপৌ কেইপাহেও
ৰং সানি হাঁহি আছে
এৰা অ' বহাগৰ সুবাস !
ঢোলৰ চাপৰত প্ৰাণ পোৱা ৰিহাৰ সুবাস !

অ' মনত আছেনে ?
মোৰ জেতুকাবুলীয়া হাত দুখন দেখিলেই
বাঁহ পাতৰ
আঙঠিৰে কইনা খেলাৰ কথা ?
এৰা ল'ৰালীৰ ব'হাগ !
তেনেই থুনুকা ব'হাগ।

"দেউতাৰ পদূলিত গোন্ধাইছে মালতী
কেতেকী মলেমলাই অই গোবিন্দাই ৰাম…"
হুঁচৰিৰ সুৰত প্ৰেম নামিছে
ঠিক মালতী কেতেকীৰ দৰেই উতনুৱা প্ৰেম,
ব'হাগৰ অফুৰন্ত প্ৰেম আৰু বহুতো…

শুনিছ' চেনাই,
এইবাৰ পিতায়ে তোৰ হাতত মোক গতাই দিব
বৰঘৰটো ভালকৈ সাজিবি,
অহা বাৰিষাত তোৰ ৰোৱনী হ'ম,
পথাৰৰ পিক ৰঙা ওঁঠৰ চাপত
ৰাঙলী হ'ব দুগাল
শিৰত পিন্ধিম
তোৰ নামৰ মুঠি মুঠি কঠীয়া,
তোৰে শপত,
যন্ত্ৰণাৰ বাটতো
তোৰ নামৰেই পোহপাল দিম
ব'হাগৰ শেলুৱৈ নগজা সপোন
বৰহমথুৰিৰ ৰঙীণ সপোন,
হেঁপেহুৱা গুটিফুলৰ সপোন ৷


ঠিকনাঃ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ (বিজ্ঞান শাখা),
উত্তৰ লখিমপুৰ মহাবিদ্যালয়,
দূৰভাষঃ ৭০৮৬৬৩৬৩০০ ৷