কবি (পূজা কোঁৱৰ)

জোনবাইৰ পৰা মুঠি মুঠি জোনাক অানি
তুমিয়েই সিঁচি দিয়া জোনাকীৰ দেহত,

লঠঙা মদাৰৰ লাহতী খোপাত
তুমিয়েই গুজি দিয়া
প্ৰেম প্ৰেম গোন্ধোৱা ৰঙা ৰঙা ফুল ৷

তোমাৰ পৰশতে প্ৰাণ পাই উঠে
শব্দৰ প্ৰত্যেকজোপা বিৰিখ,
তোমাৰ কল্পনাতে ৰঙীন হৈ পৰে
অনুভৱৰ প্ৰত্যেকখন পৃথিৱী ৷

দুচকু থৰ হৈ ৰয় তোমাক দেখিলে
নাজানো কি ৰূপেৰে ঐশ্বৰ্য্যশালী তুমি,
সময় গতিহীন হৈ পৰে
তোমাৰ কথা ভাবিলে
নাজানো কি গুণৰ অধিকাৰী তুমি ৷

তোমাৰ বুকুতে প্ৰেমৰ ফুল ফুলে
তোমাৰ হৃদয়তে পখীয়ে গীত জুৰে
জীৱনেও বোৱায় জীৱন নদী,
তোমাৰ দুচকুতে মানৱতা থাকে
তোমাৰ ওঠতে মৰমে ওমলে
বিশ্বাসেও জিৰায়হি অাহি ৷

তোমাৰ পৰশতে সজীৱ হৈ উঠে
মৰুভূমিৰ শুকান বালি,
তোমাৰ নামেইতো কবি ৷


ঠিকনাঃ শিমলুগুৰি ৷