দুখৰ দিনৰ মালিতা (ৰাজু কলিতা)

(১)
মোৰ শেতেলীত এহাল ওকণি
জলফাই ৰঙী চাদৰ খনত
সিহঁতৰ আজীৱন মৃত্যুৰ বুৰঞ্জী ।

(২)
মৃত্যুৰ উপত্যকাত শগুণ এটাৰ চকু
বুকুৰ কামিহাঁড় চোবাই চোবাই
শিয়াল এটাৰ সন্ধ্যাৰ নিমন্ত্ৰণ ।

(৩)
শেলুৱৈ গজা মোৰ জুপুৰিৰ মজিয়াত
মাজৰাতি পপীয়া তৰা বোৰ সৰে
বাৰিৰ চুকত বাঁহ পাতৰ কৰুণ সুহুৰি ।

(৪)
শব্দ এটা বিচাৰি বিচাৰি
হাতৰ কলম হাততে ভাগৰি পৰিলে
কবিতাৰ শিৰোনাম চন্দ্ৰবিন্দু থলোঁ ।

(৫)
আইৰ বৰপেৰাত এযোৰেই কাপোৰ,
পিতায়ে দিয়া সেন্দূৰৰ সূৰুয মোহাৰি
কাপোৰ সাজ সেউতাৰ লগত মিলাকৈ পিন্ধিল ৷


ঠিকনাঃ দোৰপাং ৷