মৃত্যু (সমুজ্জ্বল ডেকা)

মৃত্যু এক নিঃস্বাৰ্থ স্বতঃস্ফূৰ্ত পৰিঘটনা
যাৰ পৰিণতি সদায়ে বাস্তৱ
যদি কোনোবাই বিচাৰে
ইয়াক ওচৰ চপাই আনিব
নাজানো কিয় ইচ্ছাক ডিঙি চেপি
ই বিচাৰে নেদেখা দূৰণিত বাঁহ সাজি থাকিব;
আকৌ যদি কোনোবাই
ইয়াৰ অনুভৱ ভুলতো মনলৈ আনিব নিবিচাৰে
কিয় সেইসকলৰ জীৱনলৈ ই
হঠাৎ শ্বাসৰুদ্ধ অমাৱস্যা হৈ ওচৰ চাপি আহে ৷
মৃত্যুৱে বুজি নাপাই দিন -ৰাতি
মৃত্যুৱে বুজি নাপাই জাতি- ধৰ্ম কিম্বা পীড়ি
সময় হ'লে আহিবই
আয়ুস হয়তো কাৰোবাৰ দুদিন বেছি
আৰু হয়তো কাৰোবাৰ দুদিন কম
আমি সকলো একেখন নাৱৰে যাত্ৰী;
এই বিশ্ব ব্ৰহ্মাণ্ডৰ বীৰ ই অদ্বিতীয়
নেদেখো আকাৰ কিম্বা আকৃতি
অহাৰ আগন্তুক উপলব্ধি
যাৰ প্ৰকৃতাৰ্থত শূন্য
মায়াৰ বান্ধোন ছিগি
যাৰ কোলাত জীৱনটো চিৰকাললৈ
নিশেষে হৈ ৰ'ব ৷


ঠিকনাঃ নলবাৰী ৷
দূৰভাষঃ ৯০৮৫০১০২৫৪ ৷