ব'হাগ (ধীৰেন শইকীয়া)

ব'হাগ
প্রকৃতিক ন সাজেৰে সজাই তোলা
মিঠা মিঠা লগা এটা নাম,
যাৰ আগমণিত
দূৰণিৰ কোনো পাহুৱাল ডেকাৰ
ঢোলৰ চাপৰত
শিমলু তুলাৰ দৰে উৰে
কোনো ৰূপহীৰ উন্মনা মন...

মাজনিশা কেতেকীৰ হিয়া ভঙা বিননি
চোতালৰ সমুখৰ তগৰজোপাৰ
মনভোলোৱা চাৱনি,
ব'হাগ, এয়া তোমাৰ আগমণিৰ বাতৰি...

কেতেকী ফুলৰ সুগন্ধত,
কুলি- কেতেকীৰ সুৰীয়া মাতত
গছে- বনে কুঁহি মেলা
ন- সপোনৰ পৰশত
প্রাণ পাই উঠিছে
এখন মৌন হৃদয়ত
শাব্দিক হোৱাৰ
বহু প্রতিক্ষীত প্রতিশ্রুতি !