বিহুৱতীৰ খিতাপ আজুৰিবলৈ (ৰশ্মিৰেখা সাউদ কলিতা)

সেই তাঁহানিতে
অভিব্যক্তিৰ ফুলজাৰি মাৰিলে কোনোবাই --
"চুৰ কৰি নিয়া বটোলা চুঙাৰে গগণা সাজিলে
মাত দিয়ে তাওঁ তাওঁকৈ"-

মোৰ দৃষ্টি নিবদ্ধ হ'ল
আইৰ তাঁত শালত ।
অনুৰ্বৰ মগজুত খলিপুতি বহিল
সুদৃঢ় সিদ্ধান্ত এটি--
"বাঃ বঢ়িয়া হ'ব "--।

অস্থিৰ মন, সঘন অগা- ডেৱা
উদ্ভ্ৰান্ত দুচকুৰ লোলুপ চাৱনি
কেতিয়ানো ছেগ বুজি চুঙাটো সৰকাব পাৰো--!

ব'হাগ আহি দুৱাৰ ডলিত
মই যেন এজাক বৰদৈচিলাহৈ
পাকতে পৰিম গৈ বিহুৱতীৰ আখৰা থলীত ।
অপৰাধী ভাব, উগুল- থুগুল মন
চুঙাটো নহ'লে আইৰ কিজানি
অসুবিধা হয় ?

গগণাটো নহ'লে ময়ো যে আধৰুৱা!
নিৰুপায়----
গগণাত আৱেগ ঢালি
বিহুৱতীৰ খিতাপ আজুৰিবলৈ
মই তেতিয়া সম্পূৰ্ণ সাজু ।