চিত্রলেখা (কেশৱ কুমাৰ শইকীয়া)

চিত্রলেখা তুমি আহিবা
ব'হাগৰ বৰদৈচিলা জনী হৈ

আৱেগৰ ধুমুহা নহ'বা তুমি
তুমিয়েতো এনেই নাচনী
তাতেই তোমাৰ খোপাত
কপৌফুলৰ বসন্তৰ সুবাস

তথাপিও মোৰ ভাল লাগে
তোমাৰ বাবে নাহৰফুল
বিচাৰি বিচাৰি আনি

এইবাৰ বিহুত ভাবিছো
তোমাৰ হৃদয়ত এপাহি
তগৰফুল গুজি দিম

ৰঙালী বিহুৰ সুৰীয়া মাতেৰে
জীৱনটো দহিব খোজা
বহুতো ঘাত - প্ৰতিঘাতৰ মাজেদি

বিহুৰ বতৰত সময় পালে
তুমি খুলি দিবা চিত্রলেখা
তোমাৰ হৃদয়ৰ দুৱাৰখনি ৷