নৰা চিঙি তোৰ চেনেহৰ জুপুৰি
জাৰৰ নিশাত ইয়ে বেচ
কোন হলধৰ কোন জমিদাৰ
সকলোচোন একেই তাত
ককাই তই কিয় ইমান খং কৰ
তাত স্কুল নাই নে
তোৰ ল'ৰা- ছোৱালী কিমান
স্কুলত পঢ়ে নে সিহঁত
বুজাব মানুহৰ ভাষা
দিব নীতি জ্ঞান
নৰা চিঙা তোৰ দৰে চেনেহৰ জুপুৰি
আটায়ে সাঁজে নে
ব'হাগৰ ৰংচঙীয়া পোহৰত
ইয়ে দ্বীপ্তিময়
ককাই তোৰ বাৰীত কলডিল আছে নে
মাগুৰ মাছৰ তৰকাৰীত বৰ ভাল লাগে
সোণগুটি চপোৱা পথাৰৰ আলিত
এইখন কোন গাওঁ
আঘোণৰ দুপৰীয়া পৰত
ধান দাই
দুখৰ উজাগৰী নিশাত
সকলো ডুব যায় নে আন্ধাৰত ৷
ঠিকনাঃ অমৰাৱতী, নগাওঁ ৷
দূৰভাষঃ ৯৬১৩০৩০৯৯৭ ৷
জাৰৰ নিশাত ইয়ে বেচ
কোন হলধৰ কোন জমিদাৰ
সকলোচোন একেই তাত
ককাই তই কিয় ইমান খং কৰ
তাত স্কুল নাই নে
তোৰ ল'ৰা- ছোৱালী কিমান
স্কুলত পঢ়ে নে সিহঁত
বুজাব মানুহৰ ভাষা
দিব নীতি জ্ঞান
নৰা চিঙা তোৰ দৰে চেনেহৰ জুপুৰি
আটায়ে সাঁজে নে
ব'হাগৰ ৰংচঙীয়া পোহৰত
ইয়ে দ্বীপ্তিময়
ককাই তোৰ বাৰীত কলডিল আছে নে
মাগুৰ মাছৰ তৰকাৰীত বৰ ভাল লাগে
সোণগুটি চপোৱা পথাৰৰ আলিত
এইখন কোন গাওঁ
আঘোণৰ দুপৰীয়া পৰত
ধান দাই
দুখৰ উজাগৰী নিশাত
সকলো ডুব যায় নে আন্ধাৰত ৷
ঠিকনাঃ অমৰাৱতী, নগাওঁ ৷
দূৰভাষঃ ৯৬১৩০৩০৯৯৭ ৷







