ব'হাগৰ মিঠা সুৰ (ৰিঙ্কুমনি পূজাৰী)

কোন দুপৰীয়া
ইচাট- বিচাট মন
কেতেকীজনীয়ে মাতে
হিয়া উজাৰি,
পাৰ যুৰিৰ ৰুণত কঁপে
বৰ্হমথুৰিৰ কুঁহি ৷

কপৌ পাহিৰ লাহি দেহত
ভোমোৰাই চুমে
তৰাদৈয়ে গামোচাত
আঁচুৰ ফুল তোলে ৷
ৰংমনে ম'হৰ শিঙত
কিনো সুৰ জোৰে ৷

পিতাইয়ে খান্দি থোৱা
পাৰভৰা পুখুৰীত
আইৰ আবুৰ স্নান
আখলৰ ঘামত ভিজা
চাদৰেৰে ঢাকি
নেঘেৰি খোপাতে শুৱাই
মাধৈ মালতী ৷

সেউতী অই জেউতি অই
মন আজি উৰি গুচি যায়
আঁহতৰ তলত ঢোলে গুমগুমাই ।
দদাইদেউৰ পদূলিত কেতেকী গোন্ধাই ৷
বাউলী ব'হাগী আহিছে দুনাই ।

চহৰে নগৰে মঞ্চ কঁপাই
কৰিছে দৰ দাম
ৰজা আৰু প্ৰজাই,
বাপতিসাহন বিহুটিক আজি
মলিন চোলা পিন্ধাই,
কলিজাত শুলে বিন্ধে আই ৷