অৱহেলাৰ বীজাক্ৰান্ত হীনমন্যতাই
গজালি মেলে
সিৰে সিৰে প্ৰৱাহিত বিৰহৰ বেদনা
শয্যাগত মোৰ সপোনৰ ৰুগীয়া অৱয়ব
এজাক কেকনিৰ চিৰ উল্লাস ।
যিদিনা মোৰ মৃত্যু হ'ব
মই গুছি যাম
গুছি যাম অজান দেশত
সকলো পৰি ৰ'ব
লগত নিম মাথো তোমাৰ স্মৃতি ৷
তুমি চাগে সেইদিনা চৰম সুখী হ'বা
আমনি কৰিবলৈ নাথাকিব কোনো
সচাঁকৈ কোৱাচোন
মোৰ মৃত্যুত কিমান সুখী হ'ব পাৰিবা ?
পাৰিবা জানো মনৰ কৰণিত
নতুনকৈ সজাব
এটি নতুন সপোন ।
মই জানো
মোৰ কৰ্মৰ প্ৰয়োজনাধিক ব্যৰ্থতাই
তোমাৰ অভিলাষৰ কামিহাড় ভাঙে
কি কৰিম কোৱা
তোমাক ভাল পোৱাৰ বাহিৰে
অসমৰ্থ মই আন একো কৰিব ।
বিশ্বাস কৰা
হৃদয়ৰ পথাৰত সজাইছো তোমাৰ নামত
বিশ্বাসৰ শিলেৰে
ৰাজ অট্টালিকা
য'ত মই হম ৰজা
তুমি ৰাণী ৷
গজালি মেলে
সিৰে সিৰে প্ৰৱাহিত বিৰহৰ বেদনা
শয্যাগত মোৰ সপোনৰ ৰুগীয়া অৱয়ব
এজাক কেকনিৰ চিৰ উল্লাস ।
যিদিনা মোৰ মৃত্যু হ'ব
মই গুছি যাম
গুছি যাম অজান দেশত
সকলো পৰি ৰ'ব
লগত নিম মাথো তোমাৰ স্মৃতি ৷
তুমি চাগে সেইদিনা চৰম সুখী হ'বা
আমনি কৰিবলৈ নাথাকিব কোনো
সচাঁকৈ কোৱাচোন
মোৰ মৃত্যুত কিমান সুখী হ'ব পাৰিবা ?
পাৰিবা জানো মনৰ কৰণিত
নতুনকৈ সজাব
এটি নতুন সপোন ।
মই জানো
মোৰ কৰ্মৰ প্ৰয়োজনাধিক ব্যৰ্থতাই
তোমাৰ অভিলাষৰ কামিহাড় ভাঙে
কি কৰিম কোৱা
তোমাক ভাল পোৱাৰ বাহিৰে
অসমৰ্থ মই আন একো কৰিব ।
বিশ্বাস কৰা
হৃদয়ৰ পথাৰত সজাইছো তোমাৰ নামত
বিশ্বাসৰ শিলেৰে
ৰাজ অট্টালিকা
য'ত মই হম ৰজা
তুমি ৰাণী ৷
কিমান ভাল লগা আছিল অ' সপোনবোৰ
ভাবিলে গাটো পুলকিত হয় ।
তুমিয়ে কোৱা
ঐশ্বৰ্যৰ প্ৰাচুৰ্যই দিব কি পাৰে
মনৰ সুখ !
নোৱাৰে অ' নোৱাৰে
যদি নাথাকে মনৰ মিল ।
মই নোৱাৰিলো পোচাকযোৰ সলাই
বিবেকক উলংগ কৰি পিন্ধিব
হালধীয়া পোচাক ।
যিদিনা মোৰ মৃত্যু হ'ব
মোৰ কবৰত ৰুই দিবা এজোপা হাচনাহানা
যেতিয়া ফুলিব ফুল
তাৰেই সজাবা তোমাৰ ফুলশয্য ।
ভাবিলে গাটো পুলকিত হয় ।
তুমিয়ে কোৱা
ঐশ্বৰ্যৰ প্ৰাচুৰ্যই দিব কি পাৰে
মনৰ সুখ !
নোৱাৰে অ' নোৱাৰে
যদি নাথাকে মনৰ মিল ।
মই নোৱাৰিলো পোচাকযোৰ সলাই
বিবেকক উলংগ কৰি পিন্ধিব
হালধীয়া পোচাক ।
যিদিনা মোৰ মৃত্যু হ'ব
মোৰ কবৰত ৰুই দিবা এজোপা হাচনাহানা
যেতিয়া ফুলিব ফুল
তাৰেই সজাবা তোমাৰ ফুলশয্য ।







