যিদিনা তুমি মোৰ প্ৰেয়সী হ'বা (প্ৰণৱ হাজৰিকা)

যিদিনা তুমি মোক প্ৰেয়সী হ'বা
সেইদিনা আকাশত ৰামধেনু ওলাব ৷ 
ৰাতি তৰাই মিচিকিয়াই হাঁহিব
জোনাকী পৰুৱাই উপহাৰ দিব
প্ৰেমৰ ফুলদানি
সন্ধ্যা উঁইচিৰিঙাৰ মাত হৈ পৰিব
সুমধুৰ সংগীত ৷
সেইদিনা তোমাৰ কোলাত মূৰ থৈ শুনিম
তোমাৰ কণ্ঠৰ পৰা নিগৰি অহা
মিলন গীতৰ সুৰৰ ৰাগিনী ৷


ঠিকনাঃ বোকাখাট ৷