অপেক্ষা (দীপিকা বৰা শৰ্মা)

এতিয়া যে মই শূণ্য
খৰাং পথাৰৰ দৰে
উদং মোৰ হৃদয় ।
সৰাপাত সোঁৱৰণি
আজি বুকু ভৰি
শুকান শুকান হুমুনিয়াহ !
আহিবানে তুমি
শাওনৰ বাৰিষা হৈ
উপচাই দিবলৈ মোৰ হৃদয় ?

ঠিকনাঃ পূৱ গৰৈমাৰী, ধনশ্ৰীঘাট
ওডালগুৰি, অসম ৷