সেউজীয়াবোৰ সেউজীয়া হৈ থাকিবলৈ দিয়া
আৰু ৰঙা বোৰ ৰঙা
সেউজীয়া বোৰ যেতিয়া ৰঙা হৈ যায়,
সেওঁতাৰ ৰঙাখিনি উকা হৈ যায় ৷
উকা হৈ যায় আইৰ কোলা ৷
সেয়ে কৈছোঁ-
সেউজীয়া সপোনবোৰ ৰঙাৰে মছি নেপেলাবা ৷
সেউজীয়াবোৰ সেউজীয়া হৈ থাকিবলৈ দিয়া ৷
ঠিকনাঃ উত্তৰ গুৱাহাটী মধ্যম খণ্ড
গুৱাহাটী-৭৮১০৩০
ফোন- ৯০৮৫৫১৩০৮৫