কলিজাৰ কঁপনিত এটি কবিতা (মণি গোস্বামী)
কিবা এটা হেৰুৱাৰ ভয়ত কলিজাত কঁপনি........
আৰু কঁপনিতেই এটি কবিতা
হাঁহিটো জ্বলি জ্বলি শেষ হ'ল
বনপোৰা জুইত ......
হালধীয়া সৰিয়হ ডৰানিৰ সিপাৰে
ৰেল আলিটো
তাতো কঁপনি
ক্ৰমশঃ চমু চাপি আহিছে
ষ্টেচনটোৰ স'তে দূৰত্ব
বেলিৰ পোহৰতেই
লিখিম এটি
নিজান ৰাতিৰ জোনাক গ'লা কবিতা
আকৌ কলিজাৰ কঁপনিত ৷