পিতাইৰ স্মৃতিত (জানমনি নাথ)


নেদেখা হোৱালৈকে চালো তোমাক
নেদেখা হোৱাৰ পাছত
আবেলি এটাত খেদি গ'লো তোমাক
তুমি লুকাই পৰিলা কোনোবা জন অৰণ্যত...
বিচাৰি বিচাৰি তোমাৰ চোতাল পালোগৈ
বনৰীয়া সুবাস এটাই বৰকৈ জোকাৰিলে মোক
তুমি নাছিলা
পৰি আছিল ভগা হৃদয়ৰ টুকুৰা...
মন দি চালো....সেমেকা সন্ধিয়াটোৰ

খৰিকাজাই হৈ ফুলি আছিলা
ৰাগি আছিল সেই সুগন্ধিত
তোমাক পোৱাৰ আশাৰে,

ছিঙিব লৈছিলো মাথোঁ
তেজাল ঘোৰা এটা হৈ চেকুৰ ধৰিলা....
পাছে পাছে গ'লো
এচমকা কলা ডাৱৰৰ বাহিৰে
একোকে নেদেখিলো... ।