মৰমৰ আকাশ,
মৰম ল'বা,
আজি কিমান দিনৰ পিছত তোমালৈ মই এইখন চিঠি লিখিবলৈ ওলাইছোঁ মই নিজেই নাজানো, দিনবাৰৰ হিচাপ নৰাখা হ'লো ৷ তুমি চাগে অনুভৱেই কৰা নাই মোৰ অনুপস্থিতি, কিন্তু মই ........!! নিজৰ সত্তাক বিসৰ্জন দি মিলি যাব খুজিছিলোঁ তোমাৰ বুকুৰ বহল সাগৰত ৷ মোৰ সাগৰ শুকাই গ'ল নে হেৰাই গ'ল এতিয়াও নুবুজিলোঁ ৷ মই এতিয়া ডাৱৰৰ ডাল ভাঙি সৰি পৰা এখিলা পাত ৷ বসন্তৰৰ সৰা পাত বুটলিব মোৰো মন যায় জানা ৷ সৰাপাতৰ ধূলিয়াৰি গধুলিত কৈ দিব মন যায় মনৰ গুপুত কথা বোৰ, তোমাক লৈ ৰচা কবিতাৰ কথাবোৰ ৷ নাজানো কিয়, আজি আকৌ এবাৰ সপোনৰ দৰে চাব মন গৈছে তোমাক ৷ তোমাৰ মায়াময় মৌনতাৰ দুৱাৰ ভাঙি শব্দবোৰ খান্দি উলিয়াই আনি তোমাৰ হাতৰ আঙুলিৰে তোমাৰ ডায়েৰিৰ এটা পাতত মই মোৰ নাম লিখাব খুজো ৷ মই আজি কবিতা হৈ বৰ খুজো তোমাৰ হৃদয়ত ৷ হৃদয়ৰ সেউজীয়া পাত কঁপাই ৰ'দ হেঙুলীয়া তোমাৰ কবিতাৰ অপেক্ষাত আজিও ৰৈ আছোঁ ৷ তোমাৰ ভালপোৱাৰ সেউজীয়া ঠিকনা বিচাৰি হাহাকাৰ কৰি আছোঁ ৷ আজি তুমি তোমাৰ মৌনতাৰ নীলা পোছাক যোৰ সোলোকাই মাত্ৰ এপলকৰ বাবে মোৰ দুচকুত চকু থৈ মোৰ মনৰ শূণ্যতাত কুণ্ডলি পকাই শুই থকা হালধীয়া সপোনক আঁকোৱালি লোৱা ৷ তুমি অবিহনে মই নিচিহ্ন প্ৰায় ৷
তুমি যেতিয়া মুৰৰ বিষত অবশ হৈ পৰা তেতিয়া তোমাক মুৰ পিহি শাঁত কৰে কোনে জানিব বৰ মন যায় জানা ........৷ অকলশৰে নিঃশব্দে কবিতা লিখা ৰাতিত ছায়া হৈ তোমাক সংগ কোনে দিয়ে তাকো ভাবো..৷ তোমাৰ উজাগৰী নিশাৰ কবিতাবোৰে এতিয়াও হিয়া উজৰাই কান্দে নে ......? মোৰ কোলাত মুৰ থৈ আঙুলিত কলম লৈ খেলিবলৈ তোমাৰ মন নাজায় নে ...?
বাদ দিয়া সেইবোৰ, আজি কি যে হ'ল মোৰ, অভিমানে আহত কৰা মোৰ মনৰ প্ৰাণকাতৰ চিঞৰে ক'লা কৰি পেলাইছে মোক, সেই বাবে বহুতো নক'ব লগীয়া, নুশুধিব লগীয়া কথাও চাগে ক'লো লিখিলোঁ, ক্ষমা কৰি দিবা ৷
চিন্তা নকৰিবা, মই ভালেই আছোঁ, তোমাৰ ভালপোৱাৰ নষ্টালজিক অনুভূতিৰে জীপাল কৰি আছোঁ মই মোৰ উজাগৰি নিশা ৷ ছাদত অকলশৰে, নিজান ৰাতি জোন, তৰা, বলিয়া বতাহ, ৰিমঝিম বৰষুণে দি যায় মোক তোমাৰ বতৰা .....৷ গুণগুণাই থাকো ভালপোৱা গীত বোৰ ...মোৰ মিনতি তৰা হয় যদি, তোমাৰ আকাশ চুব / মোৰ এই গান যদি সুৰ হয়, তোমাৰ কথাকে ক'ব ৷
নিদিষ্ট সংজ্ঞাৰ মাজত মাজত আবদ্ধ হৈ কোনেও ভালপোৱাৰ অৰণ্যত খোজ নাকাঢ়ে তুমি জানা ৷ ভালপোৱাৰ অৰণ্যত খোজ কাঢ়িবলৈ হৃদয় আৰু আবেগ লাগে, যুক্তিৰ অস্ত্ৰোপচাৰ নালাগে ৷
তুমি ক'ব পাৰিবানে হৃদয় অথবা আৱেগ কিমান গভীৰ হ'লে ভালপোৱাই আকাশ স্পৰ্শ কৰিব পাৰে ...? তুমিয়েই এদিন কৈছিলা, বুকুৰ ভিতৰত শোক জমা হ'লে আমি অকৃপনৰ দৰে বিনিময় কৰিম দুখৰ পৃষ্ঠা আৰু কৈছিলা সুখবোৰ সাঁচি ৰাখিলেও দুখবোৰ বিয়পাই দিম ৷ অথচ এতিয়া তুমি নিজেই পাহৰিলা ৷ আজি কিয় শত অনুৰোধ বা প্ৰাৰ্থনা কৰা স্বত্বেও বিনিময় নকৰা হ'লা তোমাৰ দুখ ৷ কিয় ....? আজি ইমান জোনাকৰ মাজতো কাৰোবাৰ আপোনজন নোহোৱা হ'ব পাৰে নে ? হাতৰ মুঠিত হেৰাই যোৱা ঠিকনা এটি লৈ হৃদয়ৰ আপোন হ'বলৈ কোনোৱা আহে নেকি... ? হেৰাই যোৱা বৰ সহজ আৰু উভতাই পোৱাটো... !! জীৱনৰ অভিধানত মই নিঃকিন শিক্ষাৰ্থী ৷
ইমান নিঠৰুৱা কৰি বুকুৰ আপোন জন নিমিষতে হেৰাই যাব পাৰেনে ? কাক শুধো এই কথা ৷
আজি মই মোৰ হাত দুখন আগুৱাই দি এপাহ শুভ্ৰ কঁহুৱা তোমালৈ আগবঢ়ালোঁ ৷ আটোম টোকাৰী কৈ সজাই থবা তোমাৰ টেবুলত আৰু ডায়ৰিৰ পৃষ্টাত লিখিবা .....
I love thee with the passion but to use
In my old griefs, and with my childhood's faith
I love thee with a love i seem to lose
with my lost saints, I love thee with the breath
Smiles, tears, of all my life!! And if God choose
I shall but love thee better after death.
ইতি,
মৰমেৰে
তোমাৰ নীলা ৷
ঠিকনাঃ বৰপেটা ৰোড ৷







