অনুৰাগ,
আকাশখন ওন্দোলাই আনিছে । পদূলিমূৰৰ নাহৰ জোপাৰ লিহিৰি পাতবোৰে বতাহৰ সৈ'তে গা ঘঁহাই সুৰ এটা তুলিছে । মই নিৰৱে বহি আছো বাৰাণ্ডাখনত । চকুৰ আগত নাহৰজোপা পাৰ হৈ পৰি ৰোৱা বিস্তীৰ্ণ উকা পথাৰখন । কিমান যে স্মৃতি বিজড়িত হৈ আছে এই পথাৰখনৰ লগত ! এইখন পথাৰতেই যে আমি একেলগে খাইছিলো বহু বনভোজ আৰু ব'হাগ বিহু উৰোওৱা ভোজ বিহু গাই পোৱা টকাৰে !
অনুৰাগ, কেনেকৈ কওঁ বাৰু কথাবোৰ ঘৰৰ মানুহবোৰক ? কি বুলি ভাবিব তেওঁলোকে, ক্ষমা কৰিবনে মোক ? কিয় বাৰু তোমাৰ পিতাইৰ সৈ'তে মোৰ পিতাইৰ ইমান মত বিৰোধ ? চিন্তাবোৰে বেৰি ধৰিছে মোক । অস্থিৰতাৰ গৰাহত যেন দিক্ বিদিক হেৰুৱাইছো । কিয় বাৰু দুয়োখন ঘৰৰ মাজত থকা ইমান বিভেদৰ পিছতো মন দুটা এক হ'ল আমাৰ ? তুমি ভবাৰ দৰে ইমান সাহসী হৈ উঠিব পৰা নাইচোন অ' মই ! পিতাইৰ ছাতি ধৰা বন্ধু নন্দন তাৱৈৰ ল'ৰা প্ৰীতমে মোলৈ উপহাৰ হিচাপে অনা ভেৰা নোমৰ সুকোমল শ্ব'লখন লিৰিকি - বিদাৰি থাকোতে বুকুখন ঢেকীয়ে বনাদি বানিছে । কাগজৰ নাঁৱৰ দৰেই জহি - খহি যাবলৈ ধৰিছে চোন মোৰ উৰ্দ্ধত সুখবোৰ ! প্ৰীতমৰ দুচকুৰ অবিৰত চাৱনিত অস্বস্তিবোধ কৰিবলৈ লৈছো মই । কেনেকৈ কওঁ অনুৰাগ, ষোল্লটা সোমবাৰে শিৱব্ কৰি আমি দুয়োটাই ৰচা যুৰীয়া সপোনটোৰ কথা ? সহায় নকৰিবনে আমাক শিৱ বাবাই ?
"সপোনবোৰ যদি নাথাকিলহেঁতেন
বিষাদে যদি নুচুমিলেহেঁতেন
দূৰত্বই আমাক কাষ চপাই নানিলেহেঁতেন
তুমি তোমাৰ আৰু
মই কেৱল মোৰেই হৈ থাকিলোহেঁতেন !"
মা'হঁত উঠি যোৱাৰ গইনা লৈ প্ৰীতমক অনুৰোধ কৰিলো মোক অপচন্দ কৰিছে বুলি ক'বলৈ । প্ৰীতমে চাই ৰ'ল মোৰ দুচকুলৈ ! সজল হৈ উঠা তাৰ দুচকুৱে কঁপাই তুলিলে মোৰ হিয়া, কিন্তু হৃদয়যে নিৰুপায় !
"সুখী হোৱা তুমি, মোৰ আন্তৰিক শুভকামণা জনালো । মোৰ ল'ৰালিৰ সকলো ভালপোৱাৰ মধুৰতম ৰাগীবোৰ তোমাৰ কোলাতেই দিলো বাকি ।"
প্ৰীতম গুছি যোৱাৰ পিছতো বৈ থাকিল বতাহজাক, হয়তো তোমাৰ এধানি পৰশ মোৰ অস্থিৰ হিয়াত সিঁচিবলৈ....
অনুৰাগ, জোনবাইজনী ওলাইছে নাহৰ জোপাৰ বিপৰীতে থকা আকাশখনত । হয়তো হাঁহিছে আমাৰ হৃদয়ৰ উচপিচবোৰ দেখি ! এইমুহুৰ্তত তোমাক এবাৰ লগ পাবলৈ উদ্বাউল হৈছে মন ।
গাৰুৰ তলত থৈ শোৱা মোৰ মোবাইলটোৰেদিয়েই আহিবা এজাক সমীৰ হৈ এটা ন - প্ৰভাতীৰ আশাবাদ লৈ..।
মৰমেৰে
তোমাৰ
পৰী







