ফাগুন (পৰাগজ্যোতি বাঢ়ৈ)


ৰাঙলী শিমলু জোপাৰ ডালত ৰঙীয়াল হৈ
বহি থকা চৰাইজনীক সুধিলো,

ফাগুন কি ?
ক'লে......
তোমাৰ চকুত জিলিকি উঠা প্ৰগভলতা,
আৰু
প্ৰাপ্তিৰ ৰঙেৰে ৰঙীণ হৈ ফুলি উঠা
এপাহ খৰিকাজাই ফুল ।