আত্মপাঠ (দিপাঙ্কৰ অনুৰাগ)

সুখী হোৱাৰ অজুহাত বিচাৰি,
ঘূৰি ফুৰিছো যেনি - তেনি..
জীয়াই থকাৰো কি যে হাবিয়াস,
নিজকে বিচাৰো চিকুটি - চিকুটি ৷

শূণ্যতা প্ৰাপ্তিৰ সময়বোৰ,
অতিশয় আচৰিত..
প্ৰাপ্তিৰ উল্লাসখিনিও,
অজানিতে যায় মৰহি ৷

কিমান আৰু হুপিম ধোৱা ?
কিমান উৰুৱাম স্তব্ধ সন্ধিয়া?
অলেখ চিগাৰেটৰ চিতাভস্ম,
ছাইদানিত ভিৰ কৰিছেহি ৷
কেতিয়াবা ভুগিছেনে আপুনি,
স্বপ্নভংগৰ বেদনাত ?
ৰসাচ্ছাদন কৰিছে কেতিয়াবা,
পোৱা, নোপোৱাৰ দোমোজাত ?

কেতিয়াবা..
কেতিয়াবা জানো গণিছে ক্ষণ,
শেষ নোহোৱা উজাগৰী নিশাত ?
নাই, হোৱা নাই আপোনাৰ এনেকুৱা,
দিবাস্বপ্নত উজুটি খোৱাৰ ঘটনা,
আপোনাৰ কাহানিও নাই হোৱা ।

সেমেকা শিতানৰ শেতেলীত,
আপুনি কেতিয়াও নাই শোৱা ৷
এৰা ! জীৱনৰ এইটো পৰিক্ৰমাত,
নাজানো কি পালো
কি হেৰুৱালো..
কিন্তু আজি মই বিচাৰো,
মোৰ মৃত্যুত কোনেও যেন
নোটোকে এটোপালো চকুলো ৷