অনুৰাগ (পংকজ অনুৰাগ)


স্বীকাৰোক্তিৰ আগতে
যিদৰে কবিতাবোৰ সুহুৰি হৈ ওলাইছিল
তাৰ সুৰত ওখ পাহাৰৰ দুখ গলিছিল
ওপচাই পেলাইছিল সুখৰ উপৈত্যকা
পিয়াহৰ জলপ্ৰপাত ৷
মইও ঠিক তেনে এটি
সুহুৰিৰ দৰে বাজি থাকিব খোজো
আপোনাৰ হৃদয়ত নিৰন্তৰে ৷