মোক এমুঠি মৰম দিয়া
বিনিময়ত কিস্তি কিস্তিকৈ পৰিশোধ কৰিম
তোমাৰ মৰমৰ ঋণ,
ভালপোৱাৰ বিনিময়ত
তোমাৰ পৰা মই
আকাশৰ জোনটো নিবিচাৰোগৈ
পাৰা যদি মোক মাথোঁ
জীপাল কৰি তোলা
তোমাৰ এবুকু সঁচা মৰমেৰে
এবুকু সঁচা ভালপোৱাৰে ৷
মোৰ অমানিশাময় ৰাতিবোৰত
তুমি এটা সেউজীয়া সপোন হৈ আহা...
মোক এমুঠি সঁচা মৰম দিয়া
কিস্তি কিস্তিকৈ পৰিশোধ কৰিম
তোমাৰ মৰমৰ ঋণ......








