নীলা খামৰ চিঠি (উপাসনা বৰা)

মৰমৰ অনিৰুদ্ধ,
প্ৰথমতে মৰমৰ একাঁজলি নিভাজ মৰম তোমাৰ হৃদয়লৈ সিঁচি পঠিয়ালো চিঠিৰ ভাজে - ভাজে, আলফুলে গ্ৰহণ কৰিবা । পুহৰ কুঁৱলীসনা এটি পুৱা । আজি কিছু সোনকালে উঠি মোৰ কোঠাৰ খিৰিকীখন খুলি দিলোঁ, সোমাই আহিল এজাক বলিয়া বতাহ । মন কৰিলো মোৰ খিৰিকীৰ কাষৰ গছবোৰৰ ওপৰত কুঁৱলীৰ এখন ধূসৰ আৱৰণ তাতে নিয়ৰৰ টোপালবোৰ এটি দুটিকৈ জিলিকিব ধৰিছে, ধোঁৱাৰ দৰে অহৰহ কুঁৱলীৰ পৰিক্ৰমা, তাৰ মাজে মাজে এটি দুটি অচিন পক্ষীৰ আগমন ।
কোঠালৈ সোমাই অহা বলিয়া বতাহজাকে মোৰ হৃদয়ৰ সমস্ত সত্বা জোকাৰি গ'ল অজানিতে । সেয়েহে মনৰ কৰণিত থুপ খাই থকা অনুভৱৰে এখন বগা কাগজত শব্দ বোৰ লিখি গৈছোঁ । আশা কৰো চিঠিখন ভালকৈ মন দি পঢ়িবা ।
কেনে আছা তুমি..? কুশলে আছা নে..? তোমাৰ মৰমী গাঁওখন আগৰ দৰে আছে নে..?
গাঁৱখনৰ সিটো মূৰত থকা নৈখনৰ পাৰত তুমি সেই আগৰ দৰে এতিয়াও যোৱা নে..? নৈখনৰ পানীবোৰ আছে নে..? নৈখনৰ মাছবোৰ আছে নে..? তুমি যে নৈখনৰ পাৰতবহি বৰশী টোপাই টোপাই সদায় আবেলি মোৰ সৈ'তে কথা পাতিছিলা !! মোৰ আজিও সেই কথা মনত পৰে । লখিমী ঘৰলৈ আনিলা চাগে ।

এইবাৰ ভেলাঘৰ সাজিছা নে..? লখিমী ঘৰলৈ গুচি অহাত এতিয়া চাগে পথাৰখন তেনেই উদং হৈ পৰিছে নহয় যেনেদৰে মই তোমাৰ কাষত নাই বাবে তোমাৰ বুকুখন উদং হৈ পৰিছে । সৌ সিদিনালৈকে নিসংগতাৰ জুই গোপনে জ্বলি পুৰি পুৰি ছাঁই হৈ পৰি ৰৈছিল মোৰ হৃদয়ৰ গোপন কোনত থিক তেনেতে এদিন আবেলি তোমাৰ সৈ'তে মোৰ মুখামুখি হৈছিল আৰু সেইদিনাই মোৰ তিতা চুলিৰ আগেদি টুপটুপ কৰি এজাক বৰষুণ হৈ পৰিছিল তোমাৰ বুকুত । যিদিনা তোমাৰ চোতালত কলহৰে ঢালিছিল বৰষুণ চকুলোৰে নৈখনি, এবছৰীয়া সপোন ভগাৰ বেদনাত মৰহিছিল তোমাৰ জীৱনৰ সুক্ষ্ম কলি আৰু তুমি কৈছিলা প্ৰতাৰিত ৰাতিৰ প্ৰতিটো পল তোমাৰ বাবে আছিল সুখৰ ফুলনি আৰু বহুতো কথাই কৈ গৈছিলা ! এইবোৰ শুনি শুনি কলিজা ফালি বাগৰি আহিছিল মোৰ বুকুভেদি !! তুমি কোৱা জীৱনৰ প্ৰতিটো কথাই আজিও মোৰ কাণত ৰিৰিয়াই বাজি থাকে । তুমি এপাহ মদাৰ ফুল আছিলা যেন পূজাত নলগা বাঁহী ফুল, তুমি মোৰ বুকুত শিপালা এতিয়া সিৰাই সিৰাই বিয়পি পৰিছে তাৰ গুচ্ছ মূল । তুমি মোৰ জীৱনলৈ অহা দিনৰ পৰাই মোৰ বুকুত বহুতো সপোনে বাস কৰিবলৈ লৈছেআৰু সেই দিনৰ পৰাই মই তোমাৰ বুকুত উমলিবলৈ ল'লো । মৰুৰ ভূমিৰ দৰে মোৰ হৃদয়খনত তুমি এজাক আবতৰীয়া বৰষুণ হৈ মোৰ জীৱনলৈ আহি সজাল কৰি তুলিলা জীৱনৰ সেউজীয়াখিনি আহঃ কি যে ভাল লগা সময়বোৰ যেন দুহাত মেলি চুই চাম আঙুলি ফাকেৰে সৰি পৰা বৰষুণ বোৰ !! সঁচাকৈয়ে অনুভৱ কৰিছো তোমাৰ মৰমত ডুব গৈ থাকোতে পাহৰিয়ে গৈছিলো মোৰো যে আছিল দুখ ! আজি মোৰ কেনেকুৱা লাগিছে জানা মই যে শোণিতপুৰৰ গাভৰু উষা শয়নে - সপোনে তোমাৰ মোৰ অনিৰুদ্ধ ৰূপত দেখা পাইছো । যাক মই অহৰহ মোৰ বুকুত কঢ়িয়াই লৈ ফুৰো তেওঁ এই তুমি মোৰ সপোনৰ কোঁৱৰ । তুমি কেতিয়াকৈ আহিবা মোৰ চহৰ তেজপুৰলৈ..? মই তোমাৰ অপেক্ষাত আছোঁ তুমি আহিলে মই তোমাক প্ৰথমে মোৰ চিনাকি জীয়া ভৰলীৰ নৈ পাৰলৈ লৈ যাম জীয়া ভৰলীৰ পাৰৰ শিমলু গছজোপাৰ তলত বহি থকা কাংকান আৰু কনেঙৰ সপোন দেখোৱাম আৰু আমি দুয়ো তাতে ঐনিঃতম গাম আৰু কিছু সময় তাহাতৰ লগত গুমৰাগত মাতাল হ'ম ।

তাৰ পাছত এদিন মোৰ চহৰৰ প্ৰেমৰ থলি অগ্নিগড়, গনেশঘাট, কৰ্লপাৰ্ক যাম আৰু দুয়ো বহি তাতে জীৱনৰ কবিতা গুণগুণাম । পিছদিনা আমি দুয়ো মা ভৈৰৱী মন্দিৰলৈ গৈ মাক দৰ্শন কৰি গোটেই জীৱন সুখী হোৱাৰ বাবে আৰ্শীবাদ বিচাৰিম । আন এদিন মই তোমাক মোৰ চহৰৰ ইতিহাস গৰকা হজৰা পুখুৰী, ধেনুসনা পাহাৰ, সূৰ্য্য পাহাৰ আৰু বামুণী পাহাৰ, কন্যাকা শ্ৰম, ৰুদ্ৰ পথ সকলো দেখুৱাম । এই ব'হাগতে আমি দুয়ো উদত্ত যৌৱনৰ সাজপাৰ পিন্ধি জীৱনৰ খলা বমা, কাঁইটীয়া জয়াল - ৰসাল দুৰবহ নেওচি এক সীমান্তৰ পথেদি গুচি যাওঁ বলা ! তোমাৰ প্ৰেমেৰে মোৰ উমাল হৃদয়ৰ গোপন কোণত সিঁচি জানো নিদিয়া পদূলি মুখৰ বকুলৰ মিঠা সুৱাসৰ পৰশ । তোমাৰ সান্নিধ্যৰ বাবে মই যে আছোঁ অধিৰ হৈ !!তোমাৰ অপেক্ষাত আছোঁ মই । সোনকালে আহা মোৰ জীৱনলৈ আৰু তোমাৰ সান্নিধ্যৰ মৌ -মিঠা পৰশ কেতিয়াকৈ দিবা ? মোৰ কপালৰ সেন্দূৰীয়া আলিটোৰ মাজেৰে কেতিয়া ৰক্তজৱা পাহ ফুলাবা ? আৰু বহুত কথাই লিখিবলৈ আছিল কিন্তু আজি ইমানতে সামৰিলো । ব'হাগৰ প্ৰথম দিনাই তোমাক নৈৰ পাৰত লগ পাম দেই দুয়ো মনৰ বহু কথাই পাতিম । তুমি কুশলে থাকা ৷


ইতি
তোমাৰ সপোন কুঁৱৰী উষা ৷