ফাগুন (অতুল চন্দ্ৰ শৰণীয়া)
নীলাভ আকাশধূলিয়ৰি বাটডেডাউৰিয়াই আহে পচোৱা জাক
শিমলু তুলাবোৰ হালি জালি উৰে
সৰাপাতৰ ফুচফুচনিত
খহি পৰে বাৰে বাৰে
বাটৰ গাভৰুৰ বুকু ভেটা দিয়া
লাজৰ ওৰণি আকুঞ্চিত মন
অ' ফাগুন,
তোৰ বুকুৰ সেওঁতাত
কোনে সেন্দূৰ আঁকিলে
প্ৰকৃতিৰ পাতত
চিন কণি থৈ,
মোৰ বুকুৰ অৰণ্যতো জিলিকে
টিকটিকীয়া ৰঙা জীৱন্ধৰী হৈ ।