ফাগুনী (প্ৰদীপ তালুকদাৰ)


এজাক বতাহ বলিছে
ধূলিৰে ধূসৰিত সময়ত

এজাক পচোৱা বলিছে
গছবোৰ নঙঠা হোৱাৰ পৰত

পাতবোৰে উচুপিছে
সেউজীয়াৰ বাবে……

শুকান পাতৰ লেলিহান শিখাই
আগুৰি ধৰিছে সময়………

ফাগুনী তই নানিবি
পচোৱাৰ বিননি

তই আহিবি
সোণাৰুফুলীয়া হাঁহিৰে
ফাগুনৰ এটি গান হৈ ৷