ফাগুনৰ এটি অনুভৱ (নিৰ্মালী কছাৰী)

অ' ফাগুন ! শুই আছা নেকি...?
উঠা, উঠিবৰ হ'ল
ফেঁচাই উৰুলি দিছে
চোৱা.....,
বন - বিৰিখে কি ৰূপ ধৰিছে ৷

ফাগুন.........!

তোমাৰ বাবেই
ৰৈ আছে...
পলাশ, মদাৰ, শিমলু
পচোৱা বতাহজাকেও দেখোন
লাহে লাহে ভুমুকি মাৰিছে ৷

তোমাক উঠাবৰ বাবেই চাগে
ধূলি জাকো মিলিছে
পচোৱাৰ স'তে

অ' ফাগুন
উঠিছানে.......?