মৰমৰ ৰাগ,
আশা কৰোঁ তুমি কুশলে আছা ৷ আশংকা, ভয়, দুখ জৰ্জৰিত মোৰ মনৰ অৱস্থাটো বুজিছাই নিশ্চয় । কেইদিন মানৰ পৰা টোপনিয়ে মোক লগেই দিব নোখোজা হৈছে । কিয় জানো, ইমান দিনৰ বিচ্ছেদ মানি ল'ব খোজা নাই মোৰ হৃদয়ে..
ৰাগ, নিৰ্জন ৰাতিবোৰত গভীৰ আকুলতাৰে আমি যে কথা পাতো, তোমাৰ মনত পৰিবনে এই কথাবোৰ ? তোমাক 'বান্দৰ' বুলি জোকাবলৈ মই যে নাথাকিম বহু দিনলৈ..।
মই বুজি পাইছোঁ, তুমি আহিব নোৱাৰিবা মোক বিদায় দিবলৈ । তথাপি মনত আশা, তুমি ৰৈ থাকিবা আমাৰ সেই চিনাকি বাছ ষ্টেণ্ডত । দুচকুত চকুলোৰে তোমাৰ ফালে চাম । সেমেকি উঠিব তোমাৰো দুচকু ।
আস্ ! আমাৰ চিনাকি বসন্তবোৰ গোপনে কিয় পাৰ হৈ যাবলৈ দিলা ৰাগ ? এতিয়াতো মোৰ সন্মুখত দুটা বৃহৎ অচিনা বসন্ত । কিহৰ বাবে ? কেনেকৈ পাৰ কৰিম এই এটা যুগ ? ভাবি ভাবি ভাগৰি পৰিছোঁ জানা.. খেলিমেলি ভাবনাবোৰে বৰকৈ আমনি কৰা হৈছে । ভয় হৈছে কিজানি সময়ৰ সোঁতে উটুৱাই লৈ যায় তোমাক । তুমি কিন্তু ৰৈ থাকিবা মোৰ বাবে । মই আহিম আকৌ উভটি । পাৰ কৰিম একেলগে বৰষুণত জুৰুলা আবেলি আৰু মৰমেৰে বিধ্বস্ত সন্ধ্যা । তুমি মাথোঁ ৰৈ থাকিবা ৰাগ ।
বিশেষ একো নাই । আজিলৈ এৰো ৷ পুনৰ মৰমেৰে-
ইতিত
তোমাৰ 'AG'
(মোৰ নীলা কবিজনৰ হাতত)
ঠিকনাঃ দেৰগাঁও ৷
দূৰভাষঃ ৮৭২৪৯৬৫৯৪১ ৷







