ব'হাগৰ বৰ্হমথুৰি হৈ (ৰশ্মিৰেখা সাউদ কলিতা)

ব'হাগৰ সুহুৰিত 
কমোৱা তুলা হৈ উৰিম ।
বিচাৰিম
আকাশ আৰু মাটিৰ মহামিলনত
সুখৰ সমাহাৰ ।

কেতেকীবুলীয়া হৈ
ৰিহাৰে মেৰিয়াম
ব'হাগৰ সমস্ত ভালপোৱা ।
কি ৰং ভাল লাগে তোমাৰ ?

মোৰ বাবে বাট চোৱা,
ব'হাগৰ বৰ্হমথুৰি হৈ
তোমাৰ ওঁঠযুৰি ৰঙাম ।