ফাগুন মানেই
এজাক শিমলুফুলীয়া বতাহ
বিৰিঙি বিৰিঙি উঠা
ফাকুখেলা আবেলিৰ আকশ
ফাগুন মানেই
এটি উতলা সংগীত
হেৰাই পোৱা কোনোবা সাতামপুৰুষীয়া
মোহন বাঁহীৰ সুৰৰ ধ্বনি
ফাগুন মানেই
সদ্য যৌৱনা ৰমণীৰ প্ৰাণ
কোনোবা গৰ্ভৱতী নদীৰ পাৰ ভঙা উছাহৰ বান
ফাগুন তুমি পথিক গাভৰুৰ আঁচল উৰুৱাই
কি ৰং চাব খোজা
ফাগুন তুমি বাটৰুৱা নাৰীৰ সংগোপন খোপা খুলি
কি সুবাস বিচৰা
তুমি দুষ্ট ফাগুন
উন্মনা তোমাৰ মন অভিপ্ৰায়
তুমি মোৰ প্ৰেয়সীক নোজোকাবা অ' ফাগুন
কিজানিবা তাইও হৈ যাব পাৰে বদনামী
তোমাৰ নামত
বিৰিঙি বিৰিঙি উঠা
ফাকুখেলা আবেলিৰ আকশ
ফাগুন মানেই
এটি উতলা সংগীত
হেৰাই পোৱা কোনোবা সাতামপুৰুষীয়া
মোহন বাঁহীৰ সুৰৰ ধ্বনি
ফাগুন মানেই
সদ্য যৌৱনা ৰমণীৰ প্ৰাণ
কোনোবা গৰ্ভৱতী নদীৰ পাৰ ভঙা উছাহৰ বান
ফাগুন তুমি পথিক গাভৰুৰ আঁচল উৰুৱাই
কি ৰং চাব খোজা
ফাগুন তুমি বাটৰুৱা নাৰীৰ সংগোপন খোপা খুলি
কি সুবাস বিচৰা
তুমি দুষ্ট ফাগুন
উন্মনা তোমাৰ মন অভিপ্ৰায়
তুমি মোৰ প্ৰেয়সীক নোজোকাবা অ' ফাগুন
কিজানিবা তাইও হৈ যাব পাৰে বদনামী
তোমাৰ নামত
মোৰো বুকুত
ইফাল সিফাল এটি বা মন ফাগুনৰ
কামনা বাসনা ভাৱনা
য'ত যি উছাহ তোমাতে মগন
আজি কিদৰে খুলি দিওঁ এই গোপনতা
তুমিযে এবাৰো মানি ল'ব নোখোজা ৷
ইফাল সিফাল এটি বা মন ফাগুনৰ
কামনা বাসনা ভাৱনা
য'ত যি উছাহ তোমাতে মগন
আজি কিদৰে খুলি দিওঁ এই গোপনতা
তুমিযে এবাৰো মানি ল'ব নোখোজা ৷
দূৰভাষঃ ৯৮৬০৯৪৬০০ ৷








