(বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ হাতত)
চুলিত ফাগুনৰ ধুমুহা,
ওঁঠত কোমল চেঁচা বৰষুণ তিয়াই
সাগৰিকা আহিছিল শিলপুখুৰীলৈ
তুমি ৰৈ আছিলা সিক্ত আবেলিটোত,
মোৰ বাবে কৌতূহল
ফাগুন আছে বাবেই তুমি আছা
নে তুমি আছা বাবে ফাগুন আছে ?
চিঠিৰ ভাঁজত তুমি পঠাইছিলা ফাগুনৰঙী ভাষাবোৰ,
সন্দিকৈ কলেজৰ সাগৰিকা জনী হৈ পৰিছিল উন্মনা
তোমাৰ প্ৰেম গোলাপৰ পাহিবোৰ
জিলিকিছিল তাইৰ সেন্দূৰীয়া দুগালত,
চিয়াহী ৰঙা কৰি তুমি লিখিছিলা
'তুমি এপাহ ফুলৰ আধা বাকী আধা মই'
বাৰে বাৰে খুন্দিয়াইছিল
তাইৰ বুকুত তোমাৰ শব্দবোৰে
তাইৰ গুণ গুণ প্ৰেমৰ কলৰৱ শুনি
সুখী হৈছিলা তুমি,
কেতিয়াবা অৱশ্যে দুখ অনুভৱ কৰিছিলা
তথাপি যাতনাৰ সাঁচতীয়া মুদ্ৰাৰে সপোন কিনিছিলা
সাগৰিকাৰ পৰা
যাৰ প্ৰেমত ফুলিছিল অলেখ ফুল,
তুমি ইমান প্ৰেমিক আছিলা
পৃথিৱীৰ সমস্ত প্ৰেম কঢ়িয়াইছিলা সাগৰিকাৰ বুকুৱেদি
তোমাৰ প্ৰেমৰ সাগৰত ডুবি সাগৰিকা আজিও মতলীয়া ৷
ওঁঠত কোমল চেঁচা বৰষুণ তিয়াই
সাগৰিকা আহিছিল শিলপুখুৰীলৈ
তুমি ৰৈ আছিলা সিক্ত আবেলিটোত,
মোৰ বাবে কৌতূহল
ফাগুন আছে বাবেই তুমি আছা
নে তুমি আছা বাবে ফাগুন আছে ?
চিঠিৰ ভাঁজত তুমি পঠাইছিলা ফাগুনৰঙী ভাষাবোৰ,
সন্দিকৈ কলেজৰ সাগৰিকা জনী হৈ পৰিছিল উন্মনা
তোমাৰ প্ৰেম গোলাপৰ পাহিবোৰ
জিলিকিছিল তাইৰ সেন্দূৰীয়া দুগালত,
চিয়াহী ৰঙা কৰি তুমি লিখিছিলা
'তুমি এপাহ ফুলৰ আধা বাকী আধা মই'
বাৰে বাৰে খুন্দিয়াইছিল
তাইৰ বুকুত তোমাৰ শব্দবোৰে
তাইৰ গুণ গুণ প্ৰেমৰ কলৰৱ শুনি
সুখী হৈছিলা তুমি,
কেতিয়াবা অৱশ্যে দুখ অনুভৱ কৰিছিলা
তথাপি যাতনাৰ সাঁচতীয়া মুদ্ৰাৰে সপোন কিনিছিলা
সাগৰিকাৰ পৰা
যাৰ প্ৰেমত ফুলিছিল অলেখ ফুল,
তুমি ইমান প্ৰেমিক আছিলা
পৃথিৱীৰ সমস্ত প্ৰেম কঢ়িয়াইছিলা সাগৰিকাৰ বুকুৱেদি
তোমাৰ প্ৰেমৰ সাগৰত ডুবি সাগৰিকা আজিও মতলীয়া ৷
ঠিকনাঃ নৰ্থ লখিমপুৰ ৷
ফোন - ৮৭২০৯১৭৯৬০ ৷
ফোন - ৮৭২০৯১৭৯৬০ ৷








