ফাগুনৰ বাউলি বতাহত
চন্দ হেৰালে;
আউলি বাউলি হৈ
শুকান সৰা পাতত
সোঁৱৰণি লিখিলে ৷
লঠঙা ধূসৰ বুকু খনত
শিমলু, পলাশে ৰং সানিলে;
সৰা পাতৰ জুনুকাৰ শব্দত
বসন্তক গোপনে মাতিলে ৷
হিয়াৰ নিভৃত কোণত
ফাগুনে সুৰঙ্গ খান্দিলে,
তোমাক লগ কৰা বাসনাই
মোৰ প্ৰণয়ৰ বঙিয়া বোৱালে ৷