শুষ্কতাৰ ৰুক্ষ পৰশত ধূলিৱৰি বাটত
যৌৱনৰ তৃষ্ণাতুৰ পথাৰ
আকাশৰ প্ৰথম চুম্বনত শিহৰিত হৈ
মাতাল হৈ পৰে নিসংগতাৰ সংগী
মোৰ নিঠৰুৱা মন ।
নিশাটোৰ ৰোমাণ্টিকতাৰ মৌ সনা সুহুৰিত
তোৰ বক্ষৰ উম বিচাৰি নিবিড় হ'ব বিচৰা
মোৰ অনুৰাগ বগাই উঠে কলিজালৈ
সপোনবোৰ ৰক্তাভ হৈ
ৰিঙিয়াই মাতে !
তইয়ো অনুভৱ কৰনে মোৰ দৰে
প্ৰথমজাক বৰষুণত তিতি
অনুভূতিৰ মিঠা আমেজ ভৰা প'ল
দুয়ো হেৰাই যোৱাৰ বাসনা এটা
জাগেনে তোৰ বুকুত ?
যৌৱনৰ তৃষ্ণাতুৰ পথাৰ
আকাশৰ প্ৰথম চুম্বনত শিহৰিত হৈ
মাতাল হৈ পৰে নিসংগতাৰ সংগী
মোৰ নিঠৰুৱা মন ।
নিশাটোৰ ৰোমাণ্টিকতাৰ মৌ সনা সুহুৰিত
তোৰ বক্ষৰ উম বিচাৰি নিবিড় হ'ব বিচৰা
মোৰ অনুৰাগ বগাই উঠে কলিজালৈ
সপোনবোৰ ৰক্তাভ হৈ
ৰিঙিয়াই মাতে !
তইয়ো অনুভৱ কৰনে মোৰ দৰে
প্ৰথমজাক বৰষুণত তিতি
অনুভূতিৰ মিঠা আমেজ ভৰা প'ল
দুয়ো হেৰাই যোৱাৰ বাসনা এটা
জাগেনে তোৰ বুকুত ?








