তুমি কাষত নাই বাবে চাগে,
চকুপানি টোপ টোপ কৈ সৰিছে,
নিৰৱতাত এটি কঁপা কঁপা অস্ফুট ঝংকাৰ তুলি ।
বহু কথা ক'বলৈ বাকী এতিয়াও,
সপোন এটা ওপজাৰ অবিৰাম চেষ্টা,
দূৰত্ববোৰে যন্ত্রণা বঢ়াইছে জানা ।
তোমাৰ সপোনবোৰ সজাব যাওঁতে,
মোৰ সপোনবোৰ নাভাঙিবা,
কাচতকৈও মোৰ সপোনটো বেছি ঠুনুকা,
তুমিতো জানাই মোৰ হৃদয়খনো যে খুব আলসুৱা,
যত ওপঙি থাকে সপোন নভঙাৰ এটি প্ৰাৰ্থনা ।
তুমি মানেই মই,
অথবা মই মানে তুমি,
এইয়া এক সত্য,
যি সত্যটোক বুকুত লৈ ফুৰিছো বাবেই,
তুমি কাষত নাথাকিলেও
উশাহবোৰ বৈ গৈছে হাঁওফাঁলৈ ৷
কাষত এতিয়া তুমি নাই বাবেই চাগে
মধুৰ অলেখ শব্দই লগাইছে মোৰ ওঁঠত ভিৰ,
গান যেন লগা তোমাৰ উশাহটোৱেই যে
মোৰ জীৱনি শক্তি,
যিয়ে মোক সজালে এজনী স্বপনালু পক্ষী ৷
চকুপানি টোপ টোপ কৈ সৰিছে,
নিৰৱতাত এটি কঁপা কঁপা অস্ফুট ঝংকাৰ তুলি ।
বহু কথা ক'বলৈ বাকী এতিয়াও,
সপোন এটা ওপজাৰ অবিৰাম চেষ্টা,
দূৰত্ববোৰে যন্ত্রণা বঢ়াইছে জানা ।
তোমাৰ সপোনবোৰ সজাব যাওঁতে,
মোৰ সপোনবোৰ নাভাঙিবা,
কাচতকৈও মোৰ সপোনটো বেছি ঠুনুকা,
তুমিতো জানাই মোৰ হৃদয়খনো যে খুব আলসুৱা,
যত ওপঙি থাকে সপোন নভঙাৰ এটি প্ৰাৰ্থনা ।
তুমি মানেই মই,
অথবা মই মানে তুমি,
এইয়া এক সত্য,
যি সত্যটোক বুকুত লৈ ফুৰিছো বাবেই,
তুমি কাষত নাথাকিলেও
উশাহবোৰ বৈ গৈছে হাঁওফাঁলৈ ৷
কাষত এতিয়া তুমি নাই বাবেই চাগে
মধুৰ অলেখ শব্দই লগাইছে মোৰ ওঁঠত ভিৰ,
গান যেন লগা তোমাৰ উশাহটোৱেই যে
মোৰ জীৱনি শক্তি,
যিয়ে মোক সজালে এজনী স্বপনালু পক্ষী ৷








