ফাগুনে কি বতৰা আনে (ধীৰাজ ডেকা)

তোমাৰ উষ্ম নিশাহৰ অবিহনে 
পাৰ কৰা জাৰৰ নিশাবোৰৰ অন্ত পেলাই
কুঁৱলীৰ বগা চাদৰ ফালি
পুৱাৰ নতুন সূৰুযৰ হাত খামুচী
ভুমুকি মাৰে ফাগুনে
এছাটি উতনুৱা পছোৱা বতাহ হৈ
মোৰ উখহা চকু
ওফন্দা গাল চুই
মোক জোকাবলৈ
নে পছোৱাৰ স'তে তাল মিলাই
মোৰ ওঁঠে এটি নতুন সুৰ গুণগুণাবলৈ।

ফাগুনে কি বতৰা আনে?

ৰঙা শিমলু ফুলে
দুহাত মেলি ফাগুনক আঁকোৱালে

শুকান বিৰিখে
এঙামুৰি মাৰি থিয় দঙা দিয়ে
নগ্ন বুকুত বৰষুণৰ টোপাল সাবটি
এখন জীপাল ছবি আঁকিবলৈ
হেঁপাহেৰে নিজকে সাজু কৰে ।

ফাগুনৰ পছোৱাই
মন চোতালৰ বিষাদ উৰুৱাই
নতুনৰ বাট মুকলি কৰে
আশাৰ আবিৰেৰে ফাঁকু খেলি
নিজকে পুনৰাই সজাবলৈ ৷