সৰাপাতৰ বুকুত তেওঁৰ স্মৃতি (জুৰি ভৰালী)

তেওঁ
এতিয়া এটি মাথোঁ পৃষ্ঠা অতীতৰ
বহু যোজন বাট আগুৱাই আহিলোঁ
মই
নে মোৰ জীৱনে ?
হৃদয়খন জানো আছে মোৰ স'তে ?

সৰাপাতবোৰ বিলীন হৈ যায় ক্ৰমশঃ
ধৰাৰ বুকুত
কিন্তু,
মোৰ স্মৃতিবোৰে
মোক এৰি যায়নে ?

মোৰ বিষাদ চহৰৰ অলিয়ে গলিয়ে
অলেখ ফাগুনৰ সৰাপাতৰ
বিননি
য'ত খোদিত আছে আজিও
আধা ৰচা সপোনবোৰ ৷
সেই চহৰত ভৰি থলেই
সৰাপাতৰ বুকুৰ পৰা
মূৰ দাঙি উঠিব খোজে বিষাদৰ ভৰত
দো খাই পৰা
মৰীচিকা মৰীচিকা লগা এটি এটি ক্ষণ ৷

মদাৰৰ বুকুত কিয় আঁকিছিলো
সেউজী ভৱিষ্যতৰ বাট ?
যদিও জানিছিলোঁ পলাশে ৰঙীন বোল
সানিলেহেঁতেন সপোনবোৰত ৷