হাঁহিৰ আঁৰত (পাপৰি মেধী)

কোনোবাই যেতিয়া হাঁহি থাকে, তেতিয়া মানুহবোৰে কয় সেইটো ফটুৱা ! কথা নাই বতৰা নাই হাঁহিয়ে থাকে ৷ সেই যে সুখ দুখ সকলোতে হাঁহি থাকে বাবে তাক উপলুঙা কৰে মানুহবোৰে । সেই যে সুখ দুখ যেতিয়াই তেতিয়াই হাঁহি থকা মুখখনৰ আঁৰত থকা বিষাদ বোৰৰ কথা জানো কোনোবাই শুধিছে ! যিয়ে বেছিকৈ হাঁহি থাকে প্ৰায় বিলাকৰেই আঁৰৰ কাহিনী বিষাদপূৰ্ণ ! সেই ইমানেই গাঢ় বিষাদ যে সেই বিষাদ আনক ক'বলৈ গ'লে হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয় ! নিজৰ জীৱনতটোক লৈ আনক হাঁহিব দিয়াতকৈ নিজেই নিজৰ জীৱনক লৈ হঁহাটো ভাল আৰু সেইবাবেই পাগলৰ দৰে হাঁহি থাকে ...! সেয়াই জীৱনৰ সুখ বুলি ভাৱে আৰু সেই সুখৰ পৰাও বঞ্চিত কৰিব বিচাৰে মানুহবোৰে । হাঁহি ফূৰ্তি কৰা মানুহবোৰ পাগল নহয় ..। সিহঁতে নিজৰ দুখবোৰ যাতে আনৰ আগত প্ৰকাশ নহয় তাৰেই প্ৰয়াস মাথোঁ ! সিহঁতৰ হাঁহিৰ আণৰৰ কাহিনী জানিবলৈ চেষ্টা কৰক আৰু সিহঁতৰ দুখবোৰ আঁতৰাবলৈ চেষ্টা কৰক ...। সিহঁত পাগল বুলি কোৱাতকৈ সিহঁতৰ দুখৰ সমভাগী হওঁক তেতিয়া বুজিব বিষাদ কি ? কোনোবাই যদি হাঁহিব বিচাৰে হাঁহিব দিয়া তাতেই সিহঁতৰ সুখ ! সিহঁতৰ বাবে হাঁহিয়ে হৈছে জীৱন । গতিকে সিহঁতক জীৱনটোত সৈ'তে জীয়াই থাকিবলৈ দিয়া ৷