মোকতো পোৱাই চিনি, মই যে ফাগুন অঁকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে মোৰতো বহুত বদনাম ৷ ফাগুনেই আনে ধূলিৰ বৰষুণ কেৱল ধূলি (নৱকান্ত বৰুৱা) ফাগুন মানেই উতনুৱা এজাক পচোৱাৰ খিলখিলনি । বলিয়া ফাগুনৰ পাগলামিয়ে ধূলিময় ৰূপ ধাৰণ কৰি আকাশ বতাহ ছানি ধৰে । ক'ৰ পৰানো আহে বাৰু এই চঞ্চল ফাগুন ? যেন এক পৰিভ্ৰমী চৰাই হে ৷
ফাগুন মানেই যেন ৰঙীন এক পৰিৱেশ । চৌদিশে মাথোঁ ৰঙৰ প্ৰয়োভৰ, পলাশ, কৃষ্ণচুড়া, শিমলু, মদাৰ মন প্ৰাণ সৰি নিয়ে । ব্যস্ত পথিকৰ দৃষ্টি লৈ যায় বহু দূৰলৈ । বাটৰোৱা চঞ্চলা ষোড়শী গাভৰুৱে নতুনকৈ প্ৰকৃতিৰ প্ৰেমত পৰে আৰু পচোৱা বতাহ জাকে যেন কাণে কাণে কৈ যায় প্ৰেমিকৰ খবৰ । দুষ্ট ফাগুনে পলকতে উৰুৱাই নিয়ে বাটৰোৱাৰ চাদৰৰ আঁচল । সেয়ে হয়তো বিহু গীতত গাইছে-
'মাঘ- ফাগুনৰ মলয়া গাতে জানো লগা নাই,
কুলি কেতেকীৰ মিঠা মাত তুমি জানো শুনা নাই' ৷
শীতৰ শেহত প্ৰকৃতি গাভৰু হয় । সঁচাই প্ৰকৃতিৰ কি অপূৰ্ব সৃষ্টি । ফাগুনে কঢ়িয়াই আনে মিঠা মিঠা সপোন । ডেকা গাভৰুৱে আকাশলংঘী সপোন ৰচে। ধৰাৰ বুকুত নতুনত্বই গা লয় । কবি সাহিত্যিক সকলো ব্যস্ত হৈ পৰে নতুন সৃষ্টিৰ বাবে । সঁচাই ফাগুন মানেই যেন আশা আকাংক্ষা আৰু প্ৰাপ্তিৰ বতৰা ৷ শীতৰ জঠৰতা ভাঙি ফাগুনে নতুন প্ৰতিশ্ৰুতি কঢ়িয়াই আনে । চৌদিশে মথোঁ নয়না ভিৰাম দৃশ্য আৰু সেই দৃশ্যৰ মাজেৰে আগবঢ়া আমিবোৰ তৰুণ প্ৰজন্ম ৷ ফাগুনৰ সেন্দূৰীয়া বেলিটোৰ পোহৰত তেজৰঙা হৈ উঠে আমাৰ সোণোৱালী সপোনবোৰ ।
ঠিকনাঃ শিৱসাগৰ ৷








